ETV Bharat / state

নামনি অসমত নিৰ্বাচনী কুচকাৱাজ কৃষক মুক্তিৰ - নাগৰিকত্ব সংশোধনী আইন

বঙাইগাঁৱৰ বীৰঝোৰা পাব্লিক লাইব্ৰেৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য‍নিৰ্বাহক সভা । ৰাজনৈতিক দল গঠনৰ পিচত নামনি অসমত প্ৰথম কুচকাৱাজ কৃষক মুক্তিৰ ।

Bongaigaon KMSS central executive
নামনি অসমত নিৰ্বাচনী কুচকাৱাজ কৃষক মুক্তিৰ
author img

By

Published : Sep 1, 2020, 8:07 PM IST

বঙাইগাঁও, 1 চেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ বীৰঝোৰা পাব্লিক লাইব্ৰেৰীত মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷

Bongaigaon KMSS central executive
নামনি অসমত নিৰ্বাচনী কুচকাৱাজ কৃষক মুক্তিৰ

কৃষক মুক্তিৰ নেতা অনিল বড়ো, ধৈৰ্য‍্য কোঁৱৰ, বিতু সোনোৱাল, ৰাতুল হুচেইনকে আদি কৰি সকলো সদস‍্য আহি উপস্থিত হয় বঙাইগাঁওত । উক্ত সভাত সাংগঠনিক আলোচনাৰ লগতে আগন্তুক ২০২১ৰ বিধান সভা নিৰ্ব্বাচনত বিজেপি দলক পৰাজিত কৰাৰ বাবে ৰণকৌশল তৈয়াৰ কৰা হয় । যিহেতু কৃষক মুক্তিয়ে ৰাজনৈতিক দলৰ জন্ম দিছে সেয়ে ৰাজনৈতিক দল গঠনৰ পিচত এয়াই প্ৰথম নামনি অসমত কৃষক মুক্তিয়ে সভা অনুষ্ঠিত কৰিছে । কৃষক মুক্তিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ লগতে বিজেপি দলৰ একনায়কত্ববাদ ওফৰাই দিয়াৰ প্ৰচেষ্টা হাতত লৈছে মন্তব্য কৰে কৃষক মুক্তিৰ নেতাসকলে ।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অধিক শক্তিশালী কৰা আৰু কৃষক মুক্তিৰ ৰাজনৈতিক দলটোক অসমবাসীৰ ওচৰত চপাই নিয়াৰ উদ্দেশ‍্যে অসমৰ প্ৰতিখন জিলাত গৈ সকলো প্ৰকাৰৰ লোকৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ‍্য লৈ এই দৰে বঙাইগাঁও জিলাত সংগঠনটোৰ নেতৃত্বই কাৰ্যকৰী সভাৰ আহ্বান কৰিছে । সংগঠনটোৰ কাৰ্যকৰী সভাপতি অনিল বড়োৰ সভাপতিত্বত অনুষ্ঠিত হয় এই কাৰ্যকৰী সভা । সভাৰ অন্তত বঙাইগাঁও জিলাৰ বিভিন্ন জ্যেষ্ঠ নাগৰিক তথা বুদ্ধিজীৱী আৰু বিশিষ্ট লোকক সাক্ষাৎ কৰে কৃষক মুক্তিৰ নেতৃত্বই। লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.