বঙাইগাঁও, 13 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে বঙাইগাঁৱত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ মৃতদেহ কবৰ দিয়াক লৈ বঙাইগাঁও চহৰখনৰ কবৰস্থানৰ মূল পথছোৱাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷
অভিযোগ অনুসৰি, বঙাইগাঁও প্ৰশাসনে ক'ভিড-19 ৰ সংক্ৰমণৰ বাবে উক্ত অঞ্চল ছীল কৰি দিছিল ৷ কিন্তু স্থানীয় লোকৰ অভিযোগ অনুসৰি, উক্ত অঞ্চলত এজনো ক'ভিড ৰোগী নাই ৷ তাৰ পিচতো প্ৰশাসনে উক্ত অঞ্চল ছীল কৰি দিয়াক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা অব্যাহত আছিল ৷
বৃহস্পতিবাৰে উক্ত অঞ্চলত এজন লোকৰ মৃত্যু হোৱাত ব্যক্তিজনৰ মৃতদেহ কবৰ দিয়াক লৈ অঞ্চলটোত উত্তেজনা বৃদ্ধি পাই ৷ প্ৰশাসনক বাৰাম্বাৰ অনুৰোধ কৰাৰ পিচতো প্ৰশাসনে মৃতদেহটো কবৰ দিয়াৰ বাবে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ আনকি, মৃতদেহটো কবৰ দিয়াৰ বাবে উক্ত অঞ্চলত 2 ৰ পৰা 3 ঘন্টা ৰৈ থাকিব লগা হোৱা বুলি উল্লেখ কৰে ৷ ঘটনাৰ পৰৱৰ্তী সময়ত প্ৰশাসনে প্ৰায় 3 ঘন্টাৰ পিচত পথছোৱা মুকলি কৰি দিয়াত মৃতহেদটো কবৰ দিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : আছুৱে প্ৰতিবেদন ৰাজহুৱা কৰাটো তেওঁলোকৰ নিজা সিদ্ধান্ত: বিপ্লৱ শৰ্মা