ETV Bharat / state

ইউটিচি মানি নোলোৱাৰ হুংকাৰ ছাত্ৰ সংগঠনৰ যৌথ মঞ্চৰ

ইউটিচি গঠনৰ বিৰোধিতাৰে ছাত্ৰ সংগঠনৰ যৌথ মঞ্চৰ সংবাদমেল ৷ চৰকাৰৰ এই সিদ্ধান্ত দুৰ্ভগ্যজনক বুলি মন্তব্য কৰি কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ ৷

author img

By

Published : Jan 26, 2020, 12:28 PM IST

Bongaigaon joint Pressmeet AKRSU ABMSU
ইউটিচি মানি নোলোৱাৰ হুংকাৰ ছাত্ৰ সংগঠনৰ যৌথ মঞ্চৰ

বঙাইগাঁও, 26 জানুৱাৰীঃ ইউটিচি গঠনৰ তীব্ৰ বিৰোধিতা ছাত্ৰ সংগঠনৰ ৷ ইয়াৰ প্ৰতিবাদতে 27 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান কেইবাটাও ছাত্ৰ সংগঠনৰ ৷ শনিবাৰে বঙাইগাঁওত কেইবাটাও ছাত্ৰ সংগঠনে এক যৌথ সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷ বঙাইগাঁৱস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সংবাদমেলত আক্ৰাছুৰ সভাপতি ৰিয়ন ৰায়ে ইউটিচি গঠনৰ সিদ্ধান্তক দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷ ইয়াক কোনোপধ্যে মানি লোৱা ন’হব বুলিও হুংকাৰ প্ৰদান কৰে ৷ লগতে তেওঁ কয় যে অন্যান্য জাতি-জনগোষ্ঠীক অন্ধকাৰত ৰাখি এই চুক্তি কৰিবলৈ গৈ আছে বুলিও উল্লেখ কৰে ৷ লগতে কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ নামতো ভেকোভাওনা কৰি আহিছে বুলিও মন্তব্য আগবঢ়ায় ৷

ইউটিচি মানি নোলোৱাৰ হুংকাৰ ছাত্ৰ সংগঠনৰ যৌথ মঞ্চৰ

আক্ৰাছু, এবিএমএচইউ তথা অন্যান্য দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে যদিও অসম দ্বি-খণ্ডিত হোৱাৰ উপক্ৰমত আছুৰ নিৰৱ ভূমিকাক সমালোচনা কৰে আক্ৰাছুৰ সভাপতিগৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ গণতন্ত্ৰ দিৱস বৰ্জনৰো তেওঁ আহ্বান জনায় ৷ ইয়াৰোপৰি আক্ৰাছুৰ উপদেষ্টা প্ৰদীপ ৰায়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বলপূৰ্বকভাৱে চৰকাৰে ইয়াক জাঁপি দিব খুজিছে বুলি উল্লেখ কৰে ৷

আনহাতে এই সংবাদমেলত এবিএমএচইউৰ সভাপতি আবুছায়েদ আনছাৰীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে ৷ তাৰোপৰি আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা গণতান্ত্ৰিক আন্দোলনক মশিমূৰ কৰি অখিল গগৈকে ধৰি গ্ৰেপ্তাৰ কৰা আন সদস্যবোৰৰ কথাও উল্লেখ কৰে ৷

আৰু পঢ়কঃসৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা!

Intro:ছাত্ৰ সংগঠনে ইউটিচি গঠনৰ বিৰোধিতা কৰি গণৰাজ‍্য বৰ্জনৰ আহ্বান। ২৭ জানুৱাৰী ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান। চৰকাৰে গণতান্ত্ৰীক আন্দোলন বুজি নোপোৱাত হাতত অস্ত্ৰ তুলি লোৱাৰ ভাবুকি ছাত্ৰ সংগঠনৰ‌ । হাতত অস্ত্ৰ তুলি হেজাৰ হেজাৰ মানুহ হত‍্যা কৰা এটা জনগোষ্টীক গুৰুত্ব প্ৰদান কৰি বিএচিৰ পিচত বিটিচি আৰু এতিয়া ইউটিচি দিয়াৰ তিব্ৰ বিৰোধিতা কৰি বঙাইগাঁওত কেবাটাও ছাত্ৰ সংগঠনৰ যৌথ সংবাদ মেল।

Body:আজি ইউ টি চি গঠনৰ বিৰোধিতা কৰি বঙাইগাঁও ত কেবাটাও ছাত্ৰ সংগঠনৰ যৌথ সংবাদ মেল । বঙাইগাঁও ৰ শ্বহিদ বেদীত থকা আক্ৰাছুৰ কেন্দ্ৰীয় মুখ‍্য কাৰ্য‍্যালয়ত আয়োজিত এই যৌথ সংবাদ মেলত আক্ৰাছুৰ(অৰুন ৰিয় গোট) সভাপতি অৰুন ৰায়ে কয় যে (ফাইল নং ২) অতিকে দুৰ্ভাগ‍্যজনক কথা যে কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে এটা মাত্ৰ জনগোষ্টীক গুৰুত্ব প্ৰদান কৰি প্ৰথমে বিএচি তাৰ পিচত বিটিচি আৰু এতিয়া ইউটি কৰিবলৈ গৈ আছে সেয়া মানিলোৱা ধৰনৰ নহয়‌ । অন‍্যান‍্য জাতী জনগোষ্টীক অন্ধকাৰত ৰাখি এক পক্ষীয় ভাৱে এই চুক্তি কৰিবলৈ গৈ আছে অহা ২৭ তাৰিখে। কোচ ৰাজবংশী সকলৰ জনজাতি কৰনৰ নামত ভেকোভাওনা কৰি আহিছে। ইয়াৰ লগতে বিটিচিৰ অন‍্যান‍্য জাতী জনগোষ্টিকো কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। সেয়ে আজি এবিএম এচ ইউ , আক্ৰাছু সহ অন‍্যান‍্য দল সংগঠনে বিৰোধিতা কৰিয়। আজি অসম দিখণ্ডিত হোৱাৰ উপক্ৰম হৈছে যদিও আছুয়ে এই ক্ষেত্ৰত কোনো মাত মতা নাই বুলি কয় আক্ৰাছুৰ সভাপতি জনে । তেওঁ আছুক সমালোচনা কৰি কয় যে কিয় আজি আছুয়ে এই বিষয়ে কোনো মাত মতা নাই ? চৰকাৰে যদি ইউটিচি গঠন কৰে তেন্তে তিব্ৰ আন্দোলনৰ ভাবুকি দি আক্ৰাছুৰ সভাপতি জনে কয় অসম বাসীক অহা গণৰাজ‍্য দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ লগতে অহা ২৭ জানুৱাৰী ১২ ঘন্টীয়া অসম বন্ধ আৰু ২৮ জানুৱাৰী বঙাইগাঁও পাবলিক লাইব্ৰেৰীত সকলো দল সংগঠন লৈ যৌথ আন্দোলনৰ পৰিকল্পনা প্ৰস্থুত কৰিব বুলি জনায়।

সংবাদ মেলত আক্ৰাছুৰ উপদেষ্টা প্ৰদিপ ৰায়ে কয় যে (ফাইল নং ৩) কেন্দ্ৰীয় চৰকাৰে এন ডি এফ বিৰে শান্তি চুক্তিৰ নামত ইউটিচি গঠন কৰিব গৈ আছে। বাৰে বাৰে এটা জনগোষ্টীক গুৰুত্ব প্ৰদান কৰি আছে চৰকাৰে । আন দল সংগঠনে গণতান্ত্ৰিক আন্দোলন কৰি আছে কোনো গুৰুত্ব দিয়া নাই অথচ এটা জনগোষ্টীক অস্ত্ৰ লোৱা বাবে বাৰে বাৰে গুৰুত্ব প্ৰদান কৰি এটা ৰ পিচত আনটো চুক্তি কৰি আছে । গতিকে সকলো জাতি জনগোষ্টীৰ অধিকাৰ খৰ্ব কৰি ইউ টি চি দিয়াটো আমি মানি নলও‌ । গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব নিদিয়ে অস্ত্ৰ ধাৰী আন্দোলনক হে গুৰুত্ব দিয়ে । ইয়াৰ দ্বাৰা চৰকাৰে ইয়াকে বুজাব বিচাৰিছে যে গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্ব নাই,হাতত অস্ত্ৰ তুলি ললেহে আলোচনা কৰিব। যদি চৰকাৰে বলপুৰ্বক ইউটিচি গঠন কৰে তেন্তে আমি অসম জ্বলাম । আমিয়ো হাতত অস্ত্ৰ তুলি লবলৈ বাধ‍্য হম।

সংবাদ মেলত এবিএম এচ ইউৰ সভাপতি আবুছায়েদ আনছাৰীয়ে কয় যে -(ফাইল নং ৪) ইউটি চি গঠন হব বুলি জানিয়ে আমি এলানি আন্দোলন কাৰ্যসুচি ৰূপায়ন কৰাৰ লগতে এবি মাথুৰক লগ ধৰি স্মাৰক দিছিলোঁ। আমাৰ ২২ লাখ অবড়ো লোকৰ সকলো অধিকাৰ কাঢ়ি লৈ ইউ টি চি দিলে আমি বহি নাথাকো। আমি সকলোৱে একগোট হৈ আন্দোলন কৰি যাম আৰু কোনো অপ্ৰিতিকৰ ঘটনা হব লগীয়া হলে চৰকাৰে দায়ী হব লাগিব বুলিও কয়।

সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল (ফাইল নং ৫) বৰ্মনেও কয় যে চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ বিৰোধিতা কৰি আন্দোলনকাৰী সকলক আটক কৰি জেলত দি আছে । অখিল গগৈৰ দৰে গনতান্ত্ৰিক আন্দোলনকাৰী ক আটক কৰি জেলত দিছে আৰু হেজাৰ হেজাৰ মানুহ হত‍্যা কৰা সকলক ৰঙা দলিছাৰে আদৰি ইউটিচি দিবলৈ ওলাইছে। ছাত্ৰ নেতাজনে কে এল অৰ কা কয় যে এই ধৰনে চৰকাৰে অনুপ্ৰেৰণা দিলে আজি যুৱক যুৱতি সকলে হাতত অস্ত্ৰ লৈ কে এল অত যোগদানৰ বাবে প্ৰস্তুত আছে ।

Conclusion:মুঠতে সকলো দল সংগঠন একত্ৰিত ভাৱে এই ইউটিচি গঠনৰ বিৰোধিতা কৰি আন্দোলন ঘোষনা কৰিছে।

বঙাইগাঁও ৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.