বঙাইগাঁও,14মাৰ্চ: বঙাইগাঁও জিলাৰ জাতীয় বিদ্যালয় সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত বঙাইগাঁও জ্ঞানোদয় জাতীয় বিদ্যালয়ত শনিবাৰে জাতীয় বিদ্যালয়সমূহৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। আউয়াল মজিদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি দিলীপ দত্তচৌধুৰী, বিদ্যালয়খনৰ অধ্যক্ষ ঘনশ্যাম মেধি, উপাধ্যক্ষ ৰবীন্দ্ৰ বৰ্মন প্ৰমুখ্যে ৩২খন বিদ্যালয়ৰ ৬৩ গৰাকী প্ৰতিনিধি উপস্থিত থাকে।
![বঙাইগাঁৱত জাতীয় বিদ্যালয় সমন্বয়ৰক্ষীৰ সাধাৰণ সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-bongaigaonjatiaviddyaloymeeting-vis-10012_13032021202515_1303f_1615647315_390.jpg)
সভাত জাতীয় বিদ্যালয়সমূহৰ বিভিন্ন সমস্যাৰ লগতে শিক্ষাৰ মান উন্নত কৰাৰ মানসেৰে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শৈক্ষিক আলোচনাৰ লগতে আগন্তুক তিনি বছৰৰ বাবে অৰুণ ৰায়ক সভাপতি, অশোক দাসক কাৰ্যকৰী সভাপতি আৰু আলাউদ্দিন শ্বৰীফক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ২১জনীয়া জিলা সমিতি গঠন কৰাৰ লগতে পৰীক্ষা সমিতিৰ নিয়ন্ত্ৰক কন্দৰ্প ৰায়ে পৰীক্ষা সন্দৰ্ভত বক্তব্য আগবঢ়ায় আৰু শৈক্ষিক মানদণ্ড উন্নত কৰাৰ বাবে গুৰুত্বপুৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।
![বঙাইগাঁৱত জাতীয় বিদ্যালয় সমন্বয়ৰক্ষীৰ সাধাৰণ সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-bongaigaonjatiaviddyaloymeeting-vis-10012_13032021202515_1303f_1615647315_379.jpg)