ETV Bharat / state

সাইলাখ ভাৰতৰ মেপৰ দৃশ্য হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ঠাই বঙাইগাঁৱৰ ঔডুবিলৈ গুৰুত্ব দিব নে বিভাগীয় কৰ্তৃপক্ষই ? সাইলাখ ভাৰতৰ মেপৰ দৃশ্যৰ নান্দনিক পৰিৱেশ চাবলৈ হেঁপাহ জাৰিব নে পৰ্যটকৰ ?

Bongaigaon Indian atlas at River side
সাইলাখ ভাৰতৰ মেপৰ দৃশ্য হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু
author img

By

Published : Feb 2, 2020, 2:58 AM IST

বঙাইগাঁও, 1 ফেব্ৰুৱাৰীঃ প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ আন এক নাম অসম ৷ অসমৰ এনেকুৱা কিছুমান ঠাই আছে য’ত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ৷ কিন্তু আৱিষ্কাৰৰ অভাৱেই হওক বা বিভাগীয় অৱহেলাই হওক আজিও প্ৰচাৰবিমূখ এনে কিছুমান ঠাই ৷ এনে এক ঠাই আছে বঙাইগাঁৱৰ ঔডুবিত ৷ দুখন নৈৰ সংগমথলীয়ে ৰূপ লৈছে ভাৰতবৰ্ষৰ মেপ সদৃশ ৷ পৰ্যটনৰ বাবে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এই ঠায়ে পৰ্যাপ্ত পৰিমাণে লাভ কৰা নাই প্ৰচাৰ ৷ বঙাইগাঁৱৰ মাজেৰে বৈ যোৱা চম্পাৱতী নৈ আৰু টুনীয়া নৈৰ সংগমথলীত দেখিবলৈ পোৱা গৈছে এনে বিৰল দৃশ্য ৷ দুই নৈৰ সংগমথলী দেখিবলৈ সাইলাখ ভাৰতৰ মেপৰ দৰে ৷ পথৰ পৰাই এই বিৰল আৰু অনুপম দৃশ্য দেখিবলৈ পোৱা যায় যদিও পাহাৰৰ ওপৰৰ পৰা দৃশ্যটো স্পষ্টভাৱে উদ্ভাসিত হৈ উঠা পৰিলক্ষিত হয় ৷

সাইলাখ ভাৰতৰ মেপৰ দৃশ্য হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু

উল্লেখ্য যে বাৰিষা কালত যেতিয়া দুয়োখন নৈ ফেনে-ফোটোকাৰে উথলি উঠে তেতিয়াই এই দৃশ্যই ধাৰণ কৰে নান্দনিক ৰূপ ৷ যেন দক্ষিণ ভাৰতৰ সাগৰৰ দৃশ্যৰ এক হুবহু ৰূপ ৷ পৰ্যটনৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা এই ঠাইলৈ কিন্তু এতিয়ালৈ দৃষ্টিগোচৰ দিয়া নাই পৰ্যটন বিভাগে ৷ অসম পৰ্যটন বিভাগে যদি বঙাইগাঁও জিলাৰ এনেবোৰ অঞ্চল তথা অসমৰ আন আন এনেধৰণৰ প্ৰচাৰবিমূখ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তেন্তে নিশ্চয় সেই অঞ্চলসমূহ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ৷ সেয়ে এতিয়া স্থানীয় বাসিন্দাই এইসমূহ পৰ্যটন ক্ষেত্ৰৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিয়াৰ বাবে অনুৰোধ জনোৱাৰ লগতে আশা প্ৰকাশ কৰিছে ৷

আৰু পঢ়কঃসদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ অধিৱেশনক লৈ বিহপুৰীয়াত উৎসৱমুখৰ পৰিৱেশ

Intro:বঙাইগাঁওৰ ঔডুবিত দুই নদীৰ সংগম স্থলিত ভাৰতৰ মেপ সদৃশ দৃশ্য । পৰ্য্যটনৰ বাবে প্ৰচুৰ সম্ভাৱনাৰ ঠাই । বিভাগীয় অৱহেলা ।

Body:এয়া বঙাইগাঁও জিলাৰ ঔডুবীৰ দৃশ্য । জিলাখনৰ বইটামাৰীৰ পৰা ঔডুবি হৈ যোগিঘোপা যোৱাৰ পথ সংলগ্ন দৃশ্য । জিলাখনৰ মাজেৰে বৈ যোৱা চম্পাৱতি নৈ আৰু টুনীয়া নৈৰ সংগম স্থল এয়া । দেখিবলৈ ভাৰতৰ মানচিত্ৰ সদৃশ দৃশ্য । পথৰ পৰাই দেখিবলৈ পোৱা যায় যদিও পাহাৰৰ ওপৰৰ পৰা দৃশ্যটো কিছু ফুটি উঠে । বাৰিষাৰ দিনত ফেনে ফোটোকাৰে যেতিয়া দুয়োখন নদী ওফন্দি উঠে দৃশ্য সঁচাই নান্দনিক ৰূপ ধাৰন কৰে । যেন দক্ষিল ভাৰতৰ সাগৰৰ দৃশ্যৰ সৈতে মিলি যায় । বৰ্তমানো দেখিবলৈ ভাল লগা যদিও নদীৰ পানী কমি গৈছে । বালিৰ চৰ ওলাইছে । পথচোৱাৰে মানুহে যাতায়াত কৰোতে এবাৰ হলেও জুমি চায় ভাৰতৰ মানচিত্ৰ সদৃশ এই দৃশ্যলৈ । পৰ্যটনৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা ঠাই এইখন । যদিও আজিলৈ অসম পৰ্য্যটন বিভাগে ঠাইখনলৈ কোনো গুৰুত্বই প্ৰদান কৰা নাই ।

বাইট আৰু পিটিচি দিলো ।

Conclusion:অসম পৰ্য্যটন বিভাগে যদিহে বঙাইগাঁও জিলাৰ এই সমুহ অঞ্চললৈ কিছু গুৰুত্ব প্ৰদান কৰে তেন্তে নিশ্চয়কৈ এই সমুহ অঞ্চল পৰ্য্যটক কেন্দ্ৰবিন্দু হৈ উঠিব । কিন্ত আজিলৈ পৰ্যটন বিভাগৰ দৃষ্টীগোচৰেই হৈ উঠা নাই । সেয়ে যুৱ প্ৰজন্মৰ ডেকা গাভৰুৱে বিচাৰিছে বঙাইগাঁও জিলাৰ এই সমুহ অঞ্চলতো প্ৰচুৰ সম্ভাৱনা আছে পৰ্য্যটনৰ বাবে আৰু পৰ্যটন বিভাগৰ গুৰুত্বপ্ৰদানৰ আশা কৰিছে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.