ETV Bharat / state

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ - এক গোপন সুত্ৰৰ ভিত্তিত অভিযান

বঙাইগাঁৱত আৰক্ষীৰ অভিযানত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ । ৩০০ টা কাৰ্টুনত ৭,৪৪০ টা সুৰাৰ বটল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ অৰুণাচলি সুৰা জব্দ

author img

By

Published : Feb 14, 2021, 1:15 PM IST

বঙাইগাঁও,14 ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা । অৰুণাচলৰ পৰা অসমৰ মাজেৰে বিহাৰলৈ সৰবৰাহ কৰা হয় এই অবৈধ অৰুণাচলী সুৰা । বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত নাচনগুৰিত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ । গাড়ীখনত ৩০০ কাৰ্টুনত ৭,৪৪০ টা সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । আৰক্ষীৰ নিয়মীয়া তালাচীত গাড়ীখন জব্দ হয় ৷ পৰৱৰ্তী সময়ত বঙাইগাঁও আবকাৰী বিভাগৰ সহযোগত গাড়ীখনত তালাচী চলাই গোপন কক্ষত ৰখা এই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

উল্লেখ্য যে, এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বিহাৰলৈ কঢ়িয়াই নি থকা সুৰাৰ কাৰ্টুন সহ UP-20-T-3676 নম্বৰ ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে ৷ ট্ৰাকখনৰ ভিতৰত HR-73A-5920 আৰু RJ-29GA-6724 নম্বৰৰ চাৰিখন অবৈধ নম্বৰপ্লেট উদ্ধাৰ হৈছে ৷ আৰক্ষীৰ অভিযানৰ উমান পাই চালকসহ সহযোগী দুজন পলাই যাবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ দুটা বছৰ সম্পূৰ্ণ ভয়াৱহ পুলৱামা আক্ৰমণৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.