ETV Bharat / state

বঙাইগাঁৱত বানাক্ৰান্তক সহায় দল-সংগঠনৰ - ইটিভি ভাৰত অসম

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰা আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ কৰে ৷ যাৰ বাবে কেন্দ্ৰই অসমৰ বান, গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰদান নকৰা বুলি মন্তব্য কৰে সৰকাৰে ৷

বঙাইগাঁৱত বানাক্ৰান্তক সহায় দল-সংগঠনৰ
author img

By

Published : Jul 20, 2019, 10:46 AM IST

চিৰাং, 20 জুলাইঃ বানৰ কবলত বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ কেইবাটাও অঞ্চল ৷ অভয়াপুৰী, যোগীঘোপা অঞ্চলৰ কেইবাখনো গাঁৱৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াইছে আমছুৱে ৷ আমছুৰ লগতে সহযোগিতা আগবঢ়াইছে একাংশ বেচৰকাৰী অনুষ্ঠানে ৷ শুকুৰবাৰে বানাক্ৰান্ত ৰাইজক দল-সংগঠনৰ প্ৰতিনিধিসকলে খোৱাপানী আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

বানাক্ৰান্তক সামগ্ৰী বিতৰণ

বানাক্ৰান্ত লোকসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে ব্যক্ত কৰিলে এনেদৰে-

বানাক্ৰান্তৰ দুখ-দুৰ্দশা

আনহাতে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰা আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ কৰে ৷ যাৰ বাবে কেন্দ্ৰই অসমৰ বান, গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰদান নকৰা বুলি মন্তব্য কৰে সৰকাৰে ৷ আনহাতে, ৰাজ্য চৰকাৰে বন্যাৰ্তক পৰ্যাপ্ত সাহায্য প্ৰদান নকৰা বুলি কৈ চচৰকাৰখনৰ সহানুভূতিৰ অভাৱ বুলি অভিযোগ উত্থাপন কৰে ৰেজাউল কৰিম সৰকাৰে ৷

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ

ইপিনে, বন্যাৰ্তক সাহায্য প্ৰদানত জিলা প্ৰশাসন ব্যৰ্থ হোৱা বুলি মন্তব্য স্থানীয় সংবাদসেৱী মনোৱাৰ হুছেইনৰ ৷

স্থানীয় সংবাদসেৱী মনোৱাৰ হুছেইনৰ মন্তব্য

Intro:বঙাইগাঁও জিলাৰ বন্যাৰ্তৰ মাজত বেচৰকাৰী সংস্থা তথা বিভিন্ন দল সংগঠনৰ খোৱাপানী,খাদ্য সামগ্ৰী বিতৰন । অভিযোগ মতে চৰকাৰে যোগান ধৰা নাই খোৱাপানী,ঔষধ তথা বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ ।
Body: এয়া বঙাগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ বানাক্ৰান্ত বিস্তৃৰ্ণ অঞ্চল । অভয়াপুৰি,যোগিঘোপাৰ প্ৰায় ১৫ খনতকৈ অধিক গাঁও পঞ্চায়ত এলেকা সম্পুৰ্ণৰূপে বান পানীত আক্ৰান্ত । এই বানাক্ৰান্ত লোক সকল ৰ মাজত চৰকাৰী ভাৱে যিখিনি সাহায্য সামগ্ৰী যোগান ধৰিব লাগিছিল সেয়া নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । বন্যাৰ্তৰ মাজত খোৱা পানী যোগান ধৰা নাই, পৰ্য্যাপ্ত খাদ্য সামগ্ৰী,ঔষধ আদিৰ লগতে পশুখাদ্যৰো অভাৱ হৈছে । এনে অৱস্থাত বেচৰকাৰী বিভিন্ন দল সংগঠন তথা সংস্থাৰ তৰফৰ পৰা সাহাৰ্য্য সামগ্ৰী আৰু খাদ্য সামগ্ৰী যোগান ধৰি আছে ।

বাইট : দল সংগঠনৰ বাইট দিলো ।
Conclusion:সকলোৱে চৰকাৰ তথা জিলা প্ৰশাসনৰ ওচৰত তথা সাধাৰন লোকৰ ওচৰত দাবী উত্থাপন আৰু অনুৰোধ জনাইছে এইসকল বন্যাৰ্তৰ ওচৰত থিয় দিয়াৰ বাবে । সকলোৱে কিছু পৰিমানে সহায়ৰ হাত আগবঢ়ালে নিশ্চয়কৈ প্ৰাকৃতিক দুৰ্য্যোগ বানপানীৰ বলি এই সকল লোকে কিছু সকাহ পাব ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.