অভয়াপুৰী,22 জুলাই : বঙাইগাঁও জিলা (Bongaigaon District)ৰ এগৰাকী স্বাৱলম্বী খেতিয়কে দেখুৱাইছে এক উৎকৃষ্ট নিদৰ্শন ৷ গো-পালন, মস্য পালন, কেঁচুসাৰকে ধৰি বিভিন্ন ধৰণৰ খেতি কৰি নিজৰ লগতে আন 15 গৰাকী লোকক দিছে কৰ্ম-সংস্থাপন ৷ বঙাইগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত বাখাৰাপাৰাত আদৰ্শ কৃষিপামৰ গৰাকী মনজিৎ কুমাৰ ৰায় ৷ বিগত 14/15 বছৰ ধৰি অতি কষ্ট আৰু সাধনাৰে গঢ় দিছে এইখন কৃষিপাম ৷ চাৰিটাকৈ বিশাল মাছৰ পুখুৰী, 50 টা জাৰ্চী গাই, কেঁচুসাৰ, নাৰিকলৰ বাগান, কল, নেমু, অমিতা, ধান,মাকৈৰ খেতিকে ধৰি সকলো কৃষিপামত উৎপাদন কৰিছে খেতিয়কগৰাকীয়ে ৷
দৈনিক শ শ লিটাৰ গাখীৰ উৎপাদন কৰি বঙাইগাঁৱত বিক্ৰী কৰি থকাৰ লগতে মস্য পালন কৰি তথা মাছ আৰু মাছৰ পোনা বিক্ৰী কৰি সফলতাৰ মুখ দেখিছে বঙাইগাঁৱৰ উদ্যমী আৰু আদৰ্শ খেতিয়ক মনজিৎ কুমাৰ ৰায়ে ৷ কৃষি পামত উৎপাদিত শাক-পাচলিৰ লগতে দৈনিক 200-300 লিটাৰ গাখীৰ বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হৈছে খেতিয়কগৰাকী ৷ তেওঁ নিজৰ লগতে কৃষিপামত আনকি 15 গৰাকী লোকক নিয়োগ কৰি আৰ্থিক সকাহ দি আহিছে আদৰ্শ খেতিয়ক গৰাকীয়ে ৷
তিনিটা গাইৰে প্ৰথমতে গো-পালন তথা গাখীৰৰ ব্যৱসায় কৰা এইগৰাকী কৃষকৰ বৰ্তমান 50 টা গৰুৰ সৈতে এখন ডাঙৰ ফাৰ্ম আছে ৷
নিজৰ একাগ্ৰতা আৰু কষ্টৰ ফলত এনেদৰে কৃষিপামখন বৰ্তমানৰ পৰ্যায় পোৱা বুলি তেওঁ উল্লেখ কৰে ৷ বৰ্তমানৰ যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী হ’বলৈ আহবান জনোৱাৰ লগতে বিভিন্ন দিহা-পৰামৰ্শৰে যুৱ প্ৰজন্মক সহায় কৰিবলৈ তেওঁ আগ্ৰহী বুলি জানিবলৈ দিয়ে ৷ লগতে চৰকাৰী চাকৰিলৈ হাত সাবটি বহি নাথাকি এনেদৰে কৃষিকাৰ্যৰ জৰিয়তে সফলতা লাভ কৰিব পৰা যায় বুলি সদৰী কৰে কৃষকগৰাকীয়ে ৷
লগতে পঢ়ক : সাংসদ কুইন ওজাই শুভাৰম্ভ কৰিলে সেউজ গুৱাহাটী প্ৰকল্প