বঙাইগাঁও, 23 জানুৱাৰীঃ ৫০০ মিটাৰ দৈৰ্ঘৰ এখন বাঁহৰ দলং এজন অন্ধ বিধায়কৰ কৰুণ কাহিনী ৷ আমি কোৱা দলংখনৰ এটা দৃশ্যই আপোনাক শিহৰিত কৰি তুলিব ৷ পদে পদে বিপদৰ আশংকা ৷ বাঁহৰ দলং খনে এফালে যদি ৰাইজক সকাহ দিছে আনফালে প্ৰতিমূহুৰ্ততে ঘনীভূত হৈছে ভয়ানক বিপদৰ আশংকা ৷ স্থানীয় ৰাইজে সজা দুৰ্বল দলং খনৰ ওপৰেদি প্ৰতি দিনে পাৰ কৰোৱা হয় অত্যাধিক ওজনৰ চাৰিচকীয়া গাড়ী ৷ যিকোনো মূহুৰ্তত দলং খন ভাঙি বাহনসহ চালক নদীত পৰাৰ সম্ভাৱনাই অধিক ৷
বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাৰাৰভিটাত থকা এই দলং খনৰ ওপৰত ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷ বঙাইগাঁৱৰ লাংলা,কীৰ্ত্তন পাৰা-অভয়াপুৰী সংযোগী পথৰ মানাহ নদীৰ ওপৰত থকা জৰাজীৰ্ণ দলং খনেই একমাত্ৰ ভৰষা অঞ্চলটোৰ ৰাইজৰ ৷ স্বাধীনতাৰ ৭৩ বছৰ অতিক্ৰম কৰাৰ পিছত ৰাজ্য চৰকাৰৰ উদ্যোগত চলি থকা উন্নয়নৰ ধাৰাটো আৰু অধিক শক্তিশালী হৈছে অঞ্চলটোত ৷ বাঁহৰ দলঙেৰে বিপদজনক যাত্ৰা অব্যাহত ৰখা অঞ্চলটোৰ ৰাইজে জনোৱা স্থানীয় বিধায়ক আব্দুল হাই নাগৰীক বহুবাৰ আবেদন নিবেদন জনোৱা হৈছিল যদিও তেখেতৰ আশীৰ্বাদতে আজিও অঞ্চলটোৰ ৰাইজে নাপালে এখন কাঠৰ দলং ৷
লগতে চাওকঃহুবলীঃ দেশৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতকাৰী একমাত্ৰ চৰকাৰী কেন্দ্ৰ