ETV Bharat / state

একেটা পৰিয়ালত 5 জনকৈ লোক ক’ভিডত আক্ৰান্ত

author img

By

Published : May 21, 2021, 10:58 PM IST

Updated : May 22, 2021, 6:44 AM IST

এটা পৰিয়ালৰ 5 জন লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি পোৱা গৈছে বঙাইগাঁৱত ৷ দুগৰাকী শিশুও আছে এই 5 গৰাকীৰ ভিতৰত ৷

Bongaigaon District one femaly five Covid 19 Positive
একেটা পৰিয়ালত 5 জনকৈ লোক ক’ভিডত আক্ৰান্ত

বঙাইগাঁও, 21 মে’: ভয়াৱহ ক’ভিড পৰিস্থিতিৰ সন্মুখীন হৈছে সমগ্ৰ ৰাজ্য ৷ নিতৌ ব্যাপক হাৰত বাঢ়িছে আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যৰ অইন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাটো ব্যাপক ৰূপ লৈছে মহামাৰীয়ে ৷ বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত সাজালপাৰা গাঁৱৰ এটা পৰিয়ালৰ ৫ জন লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি পোৱা গৈছে । উল্লেখ্য যে, এই 5 গৰাকীৰ ভিতৰত দুগৰাকী শিশুও আছে।

আনহাতে, ইয়াৰে এজন অভয়াপুৰী জিলা কাৰাগাৰৰ পৰা জামিনত বাহিৰলৈ আহিছিল বুলি জানিব পৰা গৈছে। লোক জনৰ দেহত প্ৰথমতে ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ পিছতে বাকী 4 জনৰো ক’ভিড পৰীক্ষা কৰা হয় ৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ দেহতো ক’ভিডৰ অৱস্থিতি ধৰা পৰে। বৰ্তমানে পৰিয়ালটোক স্বাস্থ্য বিভাগে হোম আইচলেচনৰ ব্যৱস্থাত ৰাখিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :ব্যাপক অৰ্থনৈতিক দুৰৱস্থাৰ দিশে গাড়ী ব্যৱসায়ৰ লগত জড়িত লোক

Last Updated : May 22, 2021, 6:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.