বঙাইগাঁও,28জুনঃ দীৰ্ঘ দিনৰ পৰা নেৰানেপেৰা বৰষুণ হৈ থকাৰ মাজতে খহি পৰিল নৱ নিৰ্মিত ড্ৰেইনৰ দেৱাল ৷ অতি নিম্ন মানৰ কামৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ কাম সম্পূৰ্ণ নোহোৱাকৈ খহি পৰিল চৰকাৰী আচঁনিৰ ড্ৰেইনৰ ইটা ৷ বঙাইগাঁও জিলাৰ ঢালিগাঁও গাঁও পঞ্চায়তৰ চুঙাপোটাত সংঘটিত হৈছে নিম্ন মানৰ কাম-কাজৰ অভিযোগ ৷
ইপিনে পঞ্চায়খনৰ অধীনৰ ২নং ৱাৰ্ডৰ সদস্য সপ্না দাসৰ বিৰুদ্ধে উঠিছে এই ধৰণৰ নিম্ন মানৰ কাম কৰাৰ অভিযোগ ৷ মুঠ 130 মিটাৰ দৈঘ্যৰ কামৰ বাবে প্ৰায় তিনিলাখ টকা ধাৰ্য কৰিছে যদিও কাম শেষ নহওতেই ড্ৰেইনত নিৰ্মাণ কৰা দেৱালখহি পৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে কৰ্তৃপক্ষক সঠিক মতে পুনৰ কাম কৰি দিয়াৰ লগতে তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
![Bongaigaon Dhaligaon GP Corruption](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-bongaigaondhaligaongpcorruption-vis-10012_28062020163202_2806f_1593342122_188.jpg)