ETV Bharat / state

কৰ’ণা আৰু বান সমস্যা সন্দৰ্ভত বঙাইগাঁৱত উপায়ুক্তৰ সংবাদমেল - ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া

বৃহস্পতিবাৰে আবেলি বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত আয়োজিত এক সংবাদমেল যোগে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ সাম্প্ৰতিক বান আৰু কৰ'না সংক্ৰমণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অৱগত কৰে । শেহতীয়া বানত বঙাইগাঁও জিলাত ২,৩২,৮৬৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে ।

Bongaigaon DC press meet
Bongaigaon DC press meet
author img

By

Published : Aug 7, 2020, 3:01 AM IST

চিৰাং, 6 আগষ্ট : বঙাইগাঁও জিলাত সাম্প্ৰতিক বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও তিনিখন গাঁও বানৰ কৱলত আছে । জিলাখনৰ চাৰিটা ৰাজহ চক্ৰৰ ১৫০ খন ৰাজহ গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে । বঙাইগাঁও ৰাজহ চক্ৰৰ 7 খন,বইটামাৰীৰ ৫০ খন,সৃজনগ্ৰামৰ ৩৯ আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ সৰ্বাধিক ৫৪ খন গাঁও বানত ক্ষতিগ্ৰস্ত হয় । এই কথা প্ৰকাশ কৰিছে বঙাইগাঁও জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ৷

বৃহস্পতিবাৰে আবেলি বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত আয়োজিত এক সংবাদমেল যোগে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ সাম্প্ৰতিক বান আৰু কৰ'না সংক্ৰমণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অৱগত কৰে । শেহতীয়া বানত বঙাইগাঁও জিলাত ২,৩২,৮৬৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে । ৬,৭২৮.৫৩ হেক্টৰ কৃষি ভূমি ক্ষতি হোৱাৰ লগতে ৪১,৮৬৯ টা ডাঙৰ,৩১,২৯৮ টা সৰু আৰু ২,১২,০৯৩ টা কুকুৰা ক্ষতিগ্ৰস্ত হৈছে ৷ জিলাখনৰ ৩২ টা আশ্ৰয় শিবিৰত ৩,৯১৫ জন আশ্ৰয় গ্ৰহণ কৰে । সাম্প্ৰতিক বানত জিলাখনৰ মাণিকপুৰ ৰাজহ চক্ৰত তিনিজন আৰু সৃজনগ্ৰামত এজন সহ চাৰিজন লোকৰ মৃত্যু ঘটে । বানাক্ৰান্ত লোকৰ বাবে সাতটা মেডিকেল গোটে শিবিৰ সমূহত স্বাস্থ্য পৰীক্ষা আগবঢ়ায় বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ।

ইপিনে কৰ'না সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলা প্ৰশাসনে বঙাইগাঁও পৌৰসভাৰ মুঠ ২৫ টা ৱাৰ্ডৰ আৱাসী আৰু দোকানী-ব্যৱসায়ী সকলক ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে ক'ভিড ১৯ ৰোগৰ পৰীক্ষা কৰিবলৈ আহ্বান জনায় ৷ তিনি আগষ্টৰ পৰা আৰম্ভ কৰা ৰেপিড এন্টিজেন টেষ্টত 5 আগষ্টলৈকে মুঠ ১,৪৩২ টা নমুনাৰ ভিতৰত ১৭ জনৰ পজিটিভ পোৱা গৈছে । ৰোগীৰ সংখ্যা শতকৰা হাৰ ১.২ শতাংশ । জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনত মুঠ ২১ গৰাকী লোক নতুনকৈ ক'ভিড ১৯ ৰোগত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰে ৷ এই লৈ জিলাখনত ৰোগীৰ সংখ্যা ৮৪৯ গৰাকীলৈ বৃদ্ধি হোৱাৰ বিপৰীতে ৬৩৪ গৰাকী লোকে আৰোগ্য লাভ কৰিছে । বৰ্তমান ২১৫ গৰাকী লোক চিকিৎসাধীন হৈ আছে । জিলাখনত আসাম ষ্টেট টাৰ্গেটেড প্ৰগ্ৰেম আৰু ৰেপিড এন্টিজেন টেষ্ট দুয়োটা কাৰ্যসূচী একেলগে কাৰ্যকৰী হৈ থকাৰ কথাও ব্যক্ত কৰে । আসাম ষ্টেট টাৰ্গেটেড প্ৰগ্ৰেমৰ জৰিয়তে বঙাইগাঁও জিলাত কুৰি হেজাৰ নমুনা সংগ্ৰহ কৰা হৈছে ।

কৰ’ণা আৰু বান সমস্যা সন্দৰ্ভত বঙাইগাঁৱত উপায়ুক্তৰ সংবাদমেল

ইপিনে আগন্তুক স্বাধীনতা দিৱস বঙাইগাঁও জিলা প্ৰশাসনে সীমিত সংখ্যক লোকৰ উপস্থিতিৰে চৰকাৰী নিৰ্দেশনা অনুসৰি পালন কৰিব বুলি সিদ্ধান্ত লোৱাৰ কথা ব্যক্ত কৰে । সমাগত স্বাধীনতা দিৱসত অংশ গ্ৰহণ কৰিব লগা লোকৰ স্বাৱ নমুনা নিগেটিভ লোকেহে অংশ গ্ৰহণ কৰিব পাৰিব বুলিও জিলা উপায়ুক্তই সংবাদ মেলত সদৰি কৰে ।

লগতে পঢ়ক : বয়সে হাৰ মনাব নোৱাৰা এগৰাকী প্ৰবীণ সাহিত্যিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.