বঙাইগাঁও, 28 জুলাই : বঙাইগাঁৱত ক'ভিদ-19ৰ গণ সংক্ৰমনৰ জটিলতা বাহাল থকাৰ মাজতে এক সুখবৰ আহিছে জিলাখনৰ স্বাস্থ্য খণ্ডলৈ। বঙাইগাঁও অসামৰিক চিকিৎসালয়ত পুৱা ৯ বজাত এগৰাকী ক'ভিদ পজিটিভ গৰ্ভৱতী মহিলাৰ চিজাৰিয়ান অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্নৰ অন্তত এক কন্যা শিশুৱে জন্ম লাভ কৰে । বঙাইগাঁও জিলাৰ সিদলসতি এলেকাৰ এই মহিলাগৰাকী দীৰ্ঘ সময় ধৰি প্ৰসৱ যন্ত্ৰনাত থকাৰ অন্তত মঙলবাৰে পুৱা 4 বজাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আহি ভৰ্তি হয় ।
ভৰ্তি হোৱাৰ লগে লগে মহিলাগৰাকীৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হয় আৰু ফলাফল পজিটিভ অহাৰ লগে লগে চিকিৎসালয়খনৰ ক'ভিদ কেয়াৰ দলটো ব্যস্ত হৈ পৰে । প্ৰসূতি ৰোগ বিশেষজ্ঞই লগে লগেই গৈ মহিলাগৰাকীক পৰীক্ষা কৰি তেওঁৰ জটিল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিজাৰিয়ান অষ্ট্ৰোপচাৰৰ সিদ্ধান্ত লয় আৰু ৰাতিপুৱা 9 বজাৰ লগে লগে এক সুদক্ষ চিকিৎসকৰ দলে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰি মহিলাগৰাকীক এক সুস্থ 2.4 কিলোগ্ৰাম ওজনৰ কন্যা শিশুৰ মাতৃত্ব প্ৰদান কৰে ।
জন্মৰ ঠিক পাছতেই নৱজাতকৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হয় আৰু ফলাফল নিগেটিভ আহে । বৰ্তমান মাতৃ আৰু শিশু উভয়ে সুস্থিৰ অৱস্থাত আছে আৰু যাৱতীয় চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে । আজিৰ এই সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসাকৰ্মীৰ দলটোত আছিল প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ গৌতম দাস,এনাচথেছিষ্ট(সংজ্ঞা শৰক)ডাঃ এম.এম. ৰহমান,শিশু ৰোগ বিশেষজ্ঞ ডাঃ এম.আই. আহমেদ,ষ্টাফ নাৰ্ছ ক্ৰমে মিজিঙ ব্ৰহ্ম,অনিতা কলিতা আৰু লক্ষ্মী ছেত্ৰী আৰু অস্ত্ৰোপচাৰ কক্ষৰ সহায়কাৰী সত্ৰ সিং ৰয়,চাফাই কৰ্মী কিৰণ বাছফৰ । এই সমগ্ৰ প্ৰক্ৰিয়াটোত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড৹ এন.এম. দাস আৰু অধীক্ষক পি.কে. ৰয়ে সকলো সম্ভৱপৰ সহযোগিতা আগবঢ়ায় ।
বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ এই প্ৰশংসনীয় কামৰ শ্ৰেয় ডাঃ এম.এছ. লক্ষ্মী প্ৰিয়া, আই.এ.এছ. জিলাখনৰ উপায়ুক্তকো দিব লাগিব যাৰ সৱল নেতৃত্বত জিলাখনৰ স্বাস্থ্য খণ্ডত এনে উৎকৃষ্ট মানৰ সেৱা সম্ভৱ হৈ উঠিছে । নিজেও এজন চিকিৎসক হোৱা হেতুকে এই সমগ্ৰ প্ৰক্ৰিয়াটো ভালদৰে চলাই নিয়াৰ ক্ষেত্ৰত প্ৰতিটো দিশ নিজে সুনিশ্চিত কৰিছিল জিলা উপায়ুক্তগৰাকীয়ে ।
আজিৰ দিনটোত বঙাইগাঁও জিলাত 29 জন কোভিড আক্ৰান্ত হৈছে । এতিয়ালৈ জিলাখনত 545 জন ক'ভিদ ৰোগীৰ 166 জন চিকিৎসাধীন ৰোগীৰ বিপৰীতে 252 জন ইতিমধ্যে সুস্থ হোৱাত ঘৰলৈ যাব দিছে স্বাস্থ্য বিভাগে ।
লগতে পঢ়কঃ বিধায়িকা ৰ'জলীনা তিৰ্কীৰ বিজেপি আগমণ প্ৰসংগ