ETV Bharat / state

অভয়াপুৰীত চিলাৰায় দিৱস উদযাপন

বঙাইগাঁৱৰ অভয়াপুৰীত চিলাৰায় দিৱস উদযাপন । এই অনুষ্ঠানতে কেএচিত একাংশ ব্যক্তিৰ অন্তৰ্ভুক্তিকলৈ অসন্তুষ্টি প্ৰকাশ কৰে আক্ৰাছুৰ শীৰ্ষ নেতাসকলে ।

author img

By

Published : Feb 27, 2021, 8:44 PM IST

অভয়াপুৰীত চিলাৰায় দিৱস উদযাপন
অভয়াপুৰীত চিলাৰায় দিৱস উদযাপন

চিৰাং,২৭ ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱৰ অভয়াপুৰীত মহাবীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় । কাৰ্যসূচীত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে । জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি পতাকা উত্তোলনৰ পিছতে সমবেত সংগীত পৰিবেশন কৰা হয় । ইয়াৰ পিছতে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

অভয়াপুৰীত চিলাৰায় দিৱস উদযাপন
অভয়াপুৰীত চিলাৰায় দিৱস উদযাপন

ইফালে এই কাৰ্যসূচীতে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক কমল সৰকাৰে কোঁচ-ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদ সন্দৰ্ভত চৰকাৰৰ পদক্ষেপক সমালোচনা কৰে । তেওঁৰ মতে জনগোষ্ঠীটোক প্ৰতাৰণা কৰাৰ লগতে একাংশ নেতাক পদবী প্ৰদান কৰি মুখত তলা মৰাৰ ব্যৱস্থা কৰিছে বুলি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে চৰকাৰক । সদ্যঘোষিত কেএচিত একাংশ পৰিষদৰ বাহিৰৰ লোকক অন্তৰ্ভুক্ত কৰা বুলি দাবী উত্থাপন কৰি চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ তলত জনগোষ্ঠীটোৰ সৰ্বসাধাৰণ ৰাইজক একত্ৰিত হৈ জনগোষ্ঠীৰ মৰ্যাদা নোপোৱালৈকে সংগ্ৰাম কৰি যাবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ।

লগতে পঢ়ক:আহাৰ গ্ৰহণ কৰিবলৈ যোৱা গৌৰৱ-ৰকিবুলক আমিনগাঁৱত বাধা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.