ETV Bharat / state

উত্তৰ অভয়াপুৰীত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মহিলাৰ মৃত্যু - উত্তৰ অভয়াপুৰীত বিদ্যুৎ পৰিবাহী তাৰত লাগি মহিলাৰ প্ৰাণহানি

উত্তৰ অভয়াপুৰী সমষ্টিৰ মাণিকপুৰৰ ৩নং গৰাইমাৰীত সংঘটিত হ'ল এটা শোকাৱহ দুৰ্ঘটনা ৷

উত্তৰ অভয়াপুৰীত বিদ্যুৎ পৰিবাহী তাৰত লাগি মহিলাৰ প্ৰাণহানি
author img

By

Published : Aug 20, 2019, 10:54 PM IST

​​​​​​বঙাইগাঁও,20 আগষ্ট:

  • উত্তৰ অভয়াপুৰীৰ মানিকপুৰৰ ৩নং গৰাইমাৰীত অঘটন
  • ছিঙি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু এগৰাকী মহিলাৰ
  • গুৰুতৰভাৱে আহত আন এগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্ত্তি
  • নিহত মহিলা গৰাকীৰ নাম জৰীনা খাতুন
  • এই ঘটনাত গুৰুতৰভাৱে আহত হয় ছালেহা খাতুন
  • ঘৰৰ পিছফালে মাটিত পৰি আছিল বিদ্যুৎ পৰিবাহী তাঁৰডাল
  • শক্তি বিভাগৰ দায়িত্বহীনতাৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ
    উত্তৰ অভয়াপুৰীত বিদ্যুৎ পৰিবাহী তাৰত লাগি মহিলাৰ প্ৰাণহানি

​​​​​​বঙাইগাঁও,20 আগষ্ট:

  • উত্তৰ অভয়াপুৰীৰ মানিকপুৰৰ ৩নং গৰাইমাৰীত অঘটন
  • ছিঙি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু এগৰাকী মহিলাৰ
  • গুৰুতৰভাৱে আহত আন এগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্ত্তি
  • নিহত মহিলা গৰাকীৰ নাম জৰীনা খাতুন
  • এই ঘটনাত গুৰুতৰভাৱে আহত হয় ছালেহা খাতুন
  • ঘৰৰ পিছফালে মাটিত পৰি আছিল বিদ্যুৎ পৰিবাহী তাঁৰডাল
  • শক্তি বিভাগৰ দায়িত্বহীনতাৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ
    উত্তৰ অভয়াপুৰীত বিদ্যুৎ পৰিবাহী তাৰত লাগি মহিলাৰ প্ৰাণহানি
Intro:মানিকপুৰৰ ৩ নং গৰাইমাৰীত অঘটন। ছিঙি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু এগৰাকী মহিলাৰ। গুৰুতৰভাৱে আহত আন এগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্ত্তি। Body:উত্তৰ অভয়াপুৰী সমষ্টিৰ মাণিকপুৰৰ ৩নং গৰাইমাৰীত এক শোকাবহ ঘটনা সংঘটিত হৈছে। পৰি থকা বিদ্যুতৰ তাঁৰত গচকি বিদ্যুতপৃষ্ট হৈ মৃত্যুক সাৱটিলে এগৰাকী মহিলা। মৃত মহিলা গৰাকীৰ নাম জৰীনা খাতুন (৩২)লগতে আন এগৰাকী মহিলা আহত হয়। আহত মহিলা গৰাকীৰ নাম ছালেহা খাতুন (২২) ।জানিব পৰা মতে ঘৰৰ পিছফালে মাটিত পৰি আছিল বিদ্যুৎ পৰিবাহী এডাল তাঁৰ। মহিলা দুগৰাকীয়ে খৰি আনিবলৈ যোৱাত গচকি দিয়ে তাঁৰডালত। লগে লগে বিদ্যুতপৃষ্ট হৈ অজ্ঞান হৈ পৰাত দুয়োকে মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে জৰীনা খাতুনক মৃত বুলি ঘোষনা কৰে। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ লগতে ঠিকাদাৰৰ হেমাহি আৰু দূৰ্ণীতিৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগতে চৰকাৰৰ ওচৰত ক্ষতি পুৰণ দাবী কৰিছে। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.