যোগীঘোপা, 8 আগষ্ট : ৰাজ্যৰ বিভিন্ন স্থানত কালৰূপ ধাৰণ কৰিছে নৈৰ গৰাখহনীয়াই। বঙাইগাঁওৰ যোগীঘোপাৰ চটপাৰাতো দেখা গ'ল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ।

ব্ৰহ্মপুত্ৰৰ ভয়ানকৰ গৰাখহনীয়াত জাহ গৈছে বহু কৃষি ভূমিৰ লগতে শতাধিক বাসগৃহ।

এনে পৰিস্থিতিত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ যোগীঘোপা আঞ্চলিক সমিতিৰ উদ্যোগত যোগীঘোপাৰ চটপাৰাত গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ক্ষতিগ্ৰস্থ লোকক পুনৰ সংস্থাপনৰ দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

আজিৰ এই কাৰ্যসূচীত বঙাইগাঁও জিলা উপায়ুক্ত, বঙাইগাঁও জিলা প্ৰশাসন, অভয়াপুৰীৰ মহকুমা প্ৰশাসনৰ লগতে মন্ত্ৰী কেশৱ মহন্তক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।