বঙাইগাঁও, ১২ জানুৱাৰী : সন্মুখত হেঁপাহৰ ভোগালী বিহু ৷ অসমৰ বিভিন্ন প্ৰান্তত ভোগালীক আদৰিবলৈ বিশেষ পৰিৱেশ দেখা গৈছে ৷ দীৰ্ঘদিন ধৰি কৰ'ণাসৃষ্ট পৰিৱেশে আতংকিত কৰি ৰখাৰ পিছত পুনৰ আগৰ পৰিৱেশ আহিবলৈ ধৰাত সকলো ওলাই আহিছে ভোগালীক আদৰিবলৈ ৷ কণমাণিজনৰ পৰা বৃদ্ধজনলৈ কোনো পিছপৰি থকা নাই ৷
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কাকৈজানাত যুৱকসকলে সাজি উলিয়াইছে এখন নাও ৷ বাঁহ, নৰা আৰু বেতেৰে সাজি উলিয়াইছে এই নাওখন ৷ ইয়াৰ জৰিয়তে অসমৰ প্ৰধান সমস্যা বাঢ়নী পানীৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ প্ৰয়াস যুৱকসকলৰ ৷ অৱশ্যে নাওখন জ্বলাই নিদিয়ে যুৱকসকলে ৷ কাষতে আন এটা মেজি সাজি সেইটোহে জ্বলাই দিব ৷ আনহাতে উৰুকাৰ নিশা প্ৰীতিভোজৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে গাঁওবাসীয়ে ৷
লগতে পঢ়ক :ধুবুৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন