বঙাইগাঁও, 31 জুলাই: আই নৈৰ বানে জলমগ্ন কৰিছে চিৰাং, বঙাইগাঁও আদি জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ একমাত্ৰ টুলুঙা নাৱেই সম্প্ৰতি ভৰসা হৈছে বৃহত্তৰ অঞ্চসমূহৰ লোকৰ ৷ তেনে বানৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় বঙাইগাঁও জিলাৰ 2 নং বাশবাৰীত ৷ আই নৈৰ বৰ্ধিত জলপৃষ্ঠৰ ফলত পৰিস্থিতি ক্ৰমান্বয়ে অধিক জটিল হৈ অহা অঞ্চলটোত, টুলুঙা নাৱেৰে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় নাওখন ৷ দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল বাইকসহ এজন আৰোহী ৷
উল্লেখ্য যে, ঘৰ-দুৱাৰৰ লগতে পকী পথো বানে বুৰাই পেলোৱাৰ ফলত গাঁওবাসীয়ে টুলুঙা নাৱেৰেই ৰাওনা হৈছে নিৰাপদ স্থানলৈ ৷ তেনে সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ৷ বাইকসহ এগৰাকী লোকক কঢ়িয়াই নি থকা অৱস্থাত বানৰ সোঁতত বুৰ যায় টুলুঙা নাওখন ৷ তাৰ পাচতেই স্থানীয় লোকৰ সহায়ত কলৰ ভূৰৰে উদ্ধাৰ কৰা হয় দুৰ্ঘটনা পতিত হোৱা লোকসকলক ৷ অঞ্চলোটোৰ ডাঙাইগাঁৱৰ পৰা কীৰ্তনপাৰা সংযোগী গড়কাপ্তানী পথ বানে বুৰাই পেলোৱাৰ ফলত বৃহত্তৰ অঞ্চলৰ লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ পকী পথৰ ওপৰত এতিয়া টুলুঙা নাৱেৰেই বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে ৷ এই ক্ষেত্ৰত নিজৰ সুদীৰ্ঘ কাৰ্যকালত স্থানীয় বিধায়ক আব্দুল হাই নাগৰিয়ে কোনো ধৰণৰ বিহীত ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ এন জন প্ৰতিনিধি যদি প্ৰতিবাৰেই নিৰ্বাচিত হৈ থাকে তেন্তে সাধাৰণ ৰাইজে যমৰ যাতনা ভুগি থকাটো প্ৰায় নিশ্চিত বুলিও সমালোচনা কৰে তেওঁলোকে ৷
লগতে পঢ়ক: ধুবুৰীত স্বামীগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ