ETV Bharat / state

ক’লা মানুহৰ অচিলাৰে বঙাইগাঁৱত শিশু অপহৰণৰ চেষ্টা - শিশু অপহৰণ

দেওবাৰে বঙাইগাঁও (Bongaigaon) জিলাৰ কীৰ্তনপাৰাৰ দ্বিতীয় খণ্ডত শিশু অপহৰণৰ চেষ্টা ৷ এই অপহৰণৰ চেষ্টা চলোৱা কাণ্ডত চৰ্চিত ক’লা মানুহ (Black Man) জড়িত থকাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ শিশুটিৰ চিঞৰ-বাখৰত পলাই যায় অপহৰণকাৰী ৷

black-man-attempts-to-kidnap-a-child
বঙাইগাঁৱত শিশু অপহৰণৰ চেষ্টা
author img

By

Published : Jul 26, 2021, 10:20 PM IST

অভয়াপুৰী, 26 জুলাই : বঙাইগাঁও (Bongaigaon) জিলাৰ কীৰ্তনপাৰাৰ দ্বিতীয় খণ্ডত দেওবাৰে নিশা সংঘটিত হোৱা শিশু অপহৰণৰ চেষ্টা চলোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ছকেৰ আলী নামৰ লোকজনৰ সন্তানক অপহৰণৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে ৷ কিন্তু সেই সময়তে চিঞৰ-বাখৰ কৰাত পলায়ন কৰে অপহৰণকাৰী ৷ শিশুটিৰ চিঞৰ-বাখৰত লগে লগে পৰিয়ালৰ সদস্য আৰু গাঁৱবাসী ওলাই আহে ৷

অৱশ্যে অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল পৰিয়াল তথা গাঁৱবাসী ৷ ছকেৰ আলীৰ ঘৰৰ ওচৰতে জংঘলত লুকাই থাকি অপহৰণকাৰীয়ে শিশু অপহৰণৰ পৰিকল্পনা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ এই অপহৰণৰ আঁৰত চৰ্চিত ক’লা মানুহ (Black Man) জড়িত থকাৰ সন্দেহ কৰিছে ৰাইজে ৷

বঙাইগাঁৱত শিশু অপহৰণৰ চেষ্টা

উল্লেখ্য যে, নামনি অসমৰ বিশেষকৈ বঙাইগাঁৱত বিগত কিছুদিনৰ পৰা অব্যাহত আছে ক’লা মানুহৰ আতংক ।

বিশেষকৈ এই চৰ্চিত ক’লা মানুহক লৈ বঙাইগাঁৱত এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ জিলাখনত হোৱা ক’লা মানুহৰ আতংকক লৈ ইতিমধ্যে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । ক’লা মানুহৰ আতংকক এক ‘উৰা বাতৰি’ (Fake News) আখ্যা দি এই সন্দৰ্ভত ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় জিলা প্ৰশাসনে ৷ ইয়াৰ বাবে যাতে কোনো লোকে প্ৰৰোচিত নকৰে, তাৰ বাবেও আহ্বান জনাইছে জিলা উপায়ুক্তই ৷

অন্যহাতে, এই উৰা বাতৰি যাতে বিপথে পৰিচালিত নহয় এই দিশতো প্ৰশাসনৰ তৰফৰ তীক্ষ্ণ নজৰ ৰখা হৈছে ৷ ইতিমধ্যে এই আতংক ৰোধ কৰিবলৈ জিলাখনৰ বাবে 03664-281561 নম্বৰৰ এটা হেল্পলাইন নম্বৰ (Helpline Number) আৰু 8826803600 নম্বৰৰ এটা হোৱাটছ এপ (WhatsApp) নম্বৰো মুকলি কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক : ক’লা মানুহ প্ৰসংগ: বিশেষ সভা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.