ETV Bharat / state

Kamatapur Mahotsav: বঙাইগাঁৱত চিলাৰায় দিৱসৰ লগতে কমতাপুৰ উৎসৱ উদযাপন - Minister Chandra Mohan Patowary

বঙাইগাঁৱত উলহ-মালহেৰে চিলাৰায় দিৱস (Bir Chilarai Divas) আৰু কমতাপুৰ উৎসৱ (Kamatapur Mahotsav observed) উদযাপন কৰা হৈছে ৷ জাতিৰ উন্নয়নৰ বাবে ভাষা-সাহিত্যৰ দিশেৰে আগবাঢ়ি যোৱাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি অনুষ্ঠানত উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

Bir Chilarai Divas observed in Bongaigaon
চিলাৰায় দিৱসৰ লগতে কমতাপুৰ উৎসৱ উদযাপন
author img

By

Published : Feb 6, 2023, 10:29 AM IST

কমতাপুৰ উৎসৱ উদযাপন

বঙাইগাঁও, 6 ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ নাককাটি দেৱানগাঁৱত চিলাৰায় দিৱস (Bir Chilarai Divas) উদযাপনৰ লগতে উলহ-মালহেৰে কমতাপুৰ উৎসৱ (Kamatapur Mahotsav observed) আৰম্ভ হৈছে ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসন তথা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সহযোগত দেওবাৰে ৫১৩ সংখ্যক মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয় (Bir Chilarai Divas observed in Bongaigaon)৷

চিলাৰায় দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত বঙাইগাঁও জিলা পুথিভঁৰালৰ চৌহদত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মনে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে (Foundation stone laid for Mahabir Chilarai statue) ৷ এই অনুষ্ঠানত স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, উপাধ্যক্ষ সুকেন ৰায়, উপায়ুক্ত নৱদ্বীপ পাঠক, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব ভাস্কৰ দাস আৰু সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সহকাৰী গৱেষণা বিষয়াৰ উপস্থিত থাকে ৷

এই চিলাৰায় দিৱসৰ মূল অনুষ্ঠানৰ মুকলি সভাত অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Minister Chandra Mohan Patowary in Bongaigaon) মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ সভাত ভাষণ প্ৰসংগত মন্ত্ৰী পাটোৱাৰীয়ে কয় (Minister Chandra Mohan Patowary) যে, চিলাৰায় যি জাতিৰ বীৰ হিচাপে বিখ্যাত সেই কোচ-ৰাজবংশী জাতিটো আগুৱাই যোৱাৰ ক্ষেত্ৰত চৰকাৰে নিশ্চয়কৈ সহায় কৰিব ৷ কিন্তু কোচ-ৰাজবংশী জনগোষ্ঠীৰ উন্নয়ন বিচাৰিলে গোষ্ঠীটোৰ সকলো সংগঠনে একগোট হৈ কাম কৰিব লাগিব ৷ এটা জাতিৰ উন্নয়ন হ'বলৈ হ’লে তেওঁলোকে কেৱল আন্দোলন কৰি দাবী জনাই থাকিলে নহ'ব ৷

জাতিটোৰ আভ্যন্তৰীণ উন্নয়নৰ বাবে তেওঁলোকৰ ভাষা-সাহিত্যৰ দিশেৰে আগবাঢ়ি যোৱাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷ জাতিটোৰ সংস্কৃতি, লোকাচাৰ আদি সংৰক্ষিত হ'ব লাগিব ৷ কোনোবা ইতিহাসবিদক জাতিটোৰ বিষয়ে গৱেষণা কৰিবলৈ দি ইতিহাস লিখিব দিব লাগিব ৷ নিজৰ ভাষা-সাহিত্য বহুলভাৱে চৰ্চা কৰিব লাগিব ৷ জাতিটোৰ যি নৃত্য-গীত আদি আছে সেয়া ৰবীন্দ্ৰ ভৱন বা জিলা পুথিভঁৰালৰ নিচিনা ঠাইত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগিব ৷

বঙাইগাঁও বা ভিতৰুৱা ঠাইতে নৃত্য-গীত আদি পৰিৱেশন কৰাতেই ক্ষান্ত নাথাকি এই সংস্কৃতি বাহিৰলৈ উলিয়াই নিব লাগিব ৷ তেতিয়াহে দিল্লী বা দিছপুৰে জাতিটোৰ বাবে কাম কৰিবলৈ সুবিধা পাব ৷ জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত জনগোষ্ঠীটোৰ অগ্ৰণী লোকসকলে সঠিক পথ দেখুৱাই দিব লাগিব ৷ এই সভাৰ পূৰ্বে এখন প্ৰদৰ্শনীও মুকলি কৰে মন্ত্ৰীগৰাকীয়ে ৷ মুকলি সভাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে আদৰণি ভাষণ দিয়ে ৷ ইয়াৰোপৰি মুখ্য কাৰ্যবাহী গোকুল বৰ্মনেও বিশ্ব মহাবীৰ চিলাৰায় আৰু কমতাপুৰ উৎসৱৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: Sri Sri Basudev Namghar Satra: শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰৰ ২০০ বছৰীয়া জয়ন্তী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.