বঙাইগাঁও,7 জানুৱাৰীঃ জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলি থকাৰ মাজতে পদুলি পালেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু ৷ এফালে জাতি ৰক্ষাৰ শেষ যুঁজ,আন্দোলন,ধৰ্ণা,প্ৰতিবাদ আনফালে অসমীয়াৰ পৰম্পৰা,কৃষ্টি,সংস্কৃতিক ৰক্ষাৰ চেষ্টা ৷ ভোগালীক আদৰাৰ বাবে চৌদিশে উথপথপ পৰিৱেশ ৷ গাঁৱে গাঁৱে মেজি সজাত ব্যস্ত অসমীয়া ৷ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ জালাখাটা গাঁৱতো পৰম্পৰাগত মেজি সাজিবলৈ ওলাই আহিছে গাঁওবাসী ৷ জাতিৰক্ষাৰ আন্দোলনো চলিব সমান্তৰালকৈ অসমীয়া পৰম্পাৰাও চলি থাকিব ৷ ঐতিহ্যক কেতিয়াও বাদ দিয়া নহ’ব,অসমীয়াৰ কৃষ্টিক শেষ হ’বলৈ দিয়া নহ’ব বুলি মন্তব্য প্ৰকাশ স্থানীয় ৰাইজৰ ৷
লগতে পঢ়ক-তামোল গছৰ খুঁটাৰে চলে তামুলপুৰ উপ সংমণ্ডলৰ বিদ্যুৎ সেৱা