ETV Bharat / state

Lok Sabha election 2024: সাংসদ ভূৱনেশ্বৰ কলিতাক লগত লৈ বৰপেটা উদ্ধাৰৰ যুঁজত মন্ত্ৰী ৰণজিৎ দাস

author img

By

Published : Jun 6, 2023, 10:23 PM IST

Updated : Jun 7, 2023, 4:11 PM IST

দলীয় অন্তঃকন্দলে মূৰ দাঙি উঠাৰ মাজতেই বিজেপিয়ে কুচকাৱাজ অব্যাহত ৰাখিছে 2024 ৰ লোকসভা নিৰ্বাচনৰ বাবে ৷ বৰপেটা সমষ্টি কংগ্ৰেছৰ দখলৰ পৰা নিজৰ দখললৈ আনিবলৈ বিজেপিয়ে বিভিন্ন ধৰণে চেষ্টা চলাইছে ৷ সোমবাৰে তাৰেই উমান দিলে মন্ত্ৰী ৰঞ্জিত দাস আৰু সাংসদ ভূৱনেশ্বৰ কলিতাই (Lok Sabha election 2024) ৷

Internal conflict in BJP
বিজেপিত বিসম্বাদ সন্দৰ্ভত সন্দিহানত ৰণজিৎ কুমাৰ দাস
সাংসদ ভূৱনেশ্বৰ কলিতাক লগত লৈ বৰপেটা উদ্ধাৰৰ যুঁজত মন্ত্ৰী ৰণজিৎ দাস

বৰপেটা ৰোড, ৬ জুন: অহা 2024 ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই কুচকাৱাজ আৰম্ভ কৰিছে ৷ কৰ্ণাটকত হৈ যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ জয় তথা বিজেপিৰ শোচনীয় পৰাজয়ৰ পাচত এই তৎপৰতা অধিক পৰিলক্ষিত হৈছে ৷ গেৰুৱা দল বিজেপিয়ে যিকোনো প্ৰকাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদীক অধিষ্ঠিত কৰিবৰ বাবে ব্যাপক গতিত কুচকাৱাজ চলাইছে ৷ অসমতো দেখা গৈছে বিজেপি দলৰ নিৰ্বাচনী তৎপৰতা (BJP gears up for Lok Sabha election) ৷

নৰেন্দ্ৰ মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি জুন মাহৰ ভিতৰতে অসমলৈ আহিব বিজেপিৰ দুজনকৈ ৰাষ্ট্ৰীয় নেতা ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই জনসভা সম্বোধন কৰিব অসমত ৷ কংগ্ৰেছৰ দখলত থকা লোকসভা সমষ্টি পুনৰুদ্ধাৰৰ বাবে ৰাজ্যিক বিজেপি তৎপৰ হৈ পৰিছে (Lok Sabha election 2024) ৷

৬ নং বৰপেটা লোকসভা সমষ্টি বিজেপিৰ দখললৈ নিয়াৰ বাবেও যথেষ্ট কুচকাৱাজ চলাইছে দলটোৰ শীৰ্ষ নেতৃত্বই ৷ বিজেপিৰ একাংশ মণ্ডল সভাপতি, বিষয়-ববীয়াই দলীয় অনুশাসন ভংগ কৰি বিসম্বাদত লিপ্ত থকাৰ সময়তেই দলটোৰ ভিতৰুৱা অন্তৰ্কন্দল মষিমূৰ কৰিবলৈ ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতা-মন্ত্ৰীয়ে শেহতীয়াকৈ বঙাইগাঁৱত বাহৰ পতা পৰিলক্ষিত হৈছে (BJP preparing for Lok Sabha election) ।

লগতে পঢ়ক: Press conference of Rameshwar Teli:সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত হ'ব সভা:তেলী

মঙলবাৰে বিয়লি বঙাইগাঁৱৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা । জিলাখনৰ সকলো বুথ পৰ্যায়ৰ নেতা-কৰ্মীৰে মিলিত হৈ আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে সাজু হোৱাৰ লগতে সকলোকে দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায় নেতা দুগৰাকীয়ে (BJP meeting in Bongaigaon)।

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিসম্বাদ সন্দৰ্ভত কোনো পত্ৰ তেখেতৰ হাতত পৰা নাই বুলি উল্লেখ কৰি যে, এইবোৰ সংবাদ মাধ্যমেহে ভালদৰে জানিব । ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ হাতত থকা অভিযোগ পত্ৰখনৰো কিমান সত্যতা আছে সেয়াও সাংবাদিকেহে জানিব বুলি কয় মন্ত্ৰী দাসে (Internal conflict in BJP) ।

ইফালে, এইবাৰ ৬ নং বৰপেটা লোকসভা সমষ্টি বিজেপি মিত্ৰজোঁটৰ দখললৈ নিবলৈ ১০০% উজাৰি দিব বুলি মন্তব্য কৰে ভূৱনেশ্বৰ কলিতাই ৷ বিজেপিয়ে কংগ্ৰেছৰ দখলত থকা নগাঁও আৰু কলিয়াবৰ সমষ্টিক নিজৰ দখললৈ আনিবলৈ ইতিমধ্য়ে ব্যাপক কাৰ্যসূচী হাতত লোৱা দেখা গৈছে ৷ অহা নিৰ্বাচনত 14 খনৰ ভিতৰত 12 খন আসনেই লাভ কৰিব বুলি দৃঢ় বিশ্বাসী হৈ আছে দলটোৰ নেতা-কৰ্মীসকল (Assam political news)।

Last Updated : Jun 7, 2023, 4:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.