ETV Bharat / state

Amrit kalah yatra :বঙাইগাঁৱত অমৃত কলহ যাত্ৰা - ৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ

বুধবাৰে বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখে অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ ইয়াৰ সৈতে সংগতি ৰাখি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা বিধায়ক ফণীভূষণ চৌধুৰীৰ উপস্থিতিত অমৃত কলহ যাত্ৰা উলিওৱা হয় ।

Amrit kalah yatra in Assam
গুৱাহাটী অভিমুখে অমৃত কলহ যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 7:12 PM IST

গুৱাহাটী অভিমুখে অমৃত কলহ যাত্ৰা

বঙাইগাঁও, ২৫ অক্টোবৰ: দেশৰ ৰাজধানী চহৰ দিল্লীত নির্মাণ কৰিবলৈ লোৱা অমৃত বাটিকা উদ্যানৰ বাবে প্ৰতি ঘৰৰ চোতালৰ পৰা সংগ্ৰহ কৰা মাটিৰ কলহসমূহ লৈ বুধবাৰে বঙাইগাওঁ জিলাত অমৃত কলহ যাত্ৰা অনুষ্ঠান পালন কৰা হয় । বঙাইগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ত গুৱাহাটী আৰু দিল্লীত অনুষ্ঠিত হ'বলগীয়া অমৃত কলহ কাৰ্যসূচী সন্দৰ্ভত সভা অনুষ্ঠিত হয় । জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ সঞ্চালনত অনুষ্ঠিত উক্ত সভাত বিধায়ক ফণীভূষণ চৌধুৰী, অতিৰিক্ত আয়ুক্ত সকল, বঙাইগাঁও পৌৰসভা পৌৰপতি সুবোধ চন্দ্ৰ দাস, ৱাৰ্ড কমিছনাৰ সকলৰ লগতে কাৰ্যালয়ত গুৱাহাটী আৰু দিল্লীত অনুষ্ঠিত হবলগীয়া অমৃত কলহ কাৰ্যসূচী বঙাইগাওঁ জিলাক প্ৰতিনধিত্ব কৰা যুৱক সকল উপস্থিত থাকে ।

এই সভাৰ অন্তত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰা হয় । ইপিনে,অমৃত কলহ যাত্ৰাত অংগ্ৰহণ নকৰাকৈয়ে পোনে পোনে জিলা আয়ুক্ত কাৰ্যালয়ত সোমায় উত্তৰ অভয়াপুৰীৰ কংগ্ৰেছৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰে । অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰি বঙাইগাঁৱৰ বিধায়ক ফণী ভূষণ চৌধুৰীয়ে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আব্দুল বাতেন খণ্ডকাৰৰ সদিচ্ছা নাই কাৰণে ভাগ নল'লে ।

তদুপৰি বিধায়ক কুমাৰ দীপক দাসে অগপ ত্য়াগ কৰিব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত চৌধুৰীয়ে কয় যে কুমাৰ দীপক দাসে মৃত্য়ুৰ আগলৈকে বেলেগ দলত যোগদান নকৰে । ইতিমধ্যে এই যাত্ৰা বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পোনে পোনে গুৱাহাটী লৈ ৰাওনা হৈছে ।

লগতে পঢ়ক:AIUDF Chief Badruddin Ajmal: আকৌ আহিল নিৰ্বাচন, আৰম্ভ হ’ল আজমলৰ জৰা-ফুকাৰ ৰাজনীতি

আনহাতে,অমৃত কলহ যাত্ৰাত ভাগ নোলোৱা সন্দৰ্ভত উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰে মন্তব্য প্ৰকাশ কৰি কয় যে দলীয় সিদ্ধান্তৰ প্ৰতি সন্মান জনাই তেওঁ এই কাৰ্যসূচীত অংশগ্ৰহণৰ পৰা বিৰত আছে । অৱশ্য়ে তেওঁ চৰকাৰৰ উন্নয়নমূলক কাম-কাজত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কয় ।

লগতে পঢ়ক:Land dispute case: খাৰুপেটীয়াত ভূমিকেন্দ্ৰিক সংঘাতত দুই ফৈদৰ আক্ৰমণত নিহত ২

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.