ETV Bharat / state

বঙাইগাঁৱৰ চৰকাৰী চিকিৎসালয়ত নিগনিৰ বিষ্ঠাযুক্ত খাদ্য যোগান ধৰাৰ অভিযোগ

author img

By

Published : Sep 3, 2022, 8:36 PM IST

বঙাইগাঁও জিলাৰ চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegations of corruption at Chakla Kokila State Dispensary) ৷ আনকি এই চৰকাৰী চিকিৎসালয়ত নিগনিৰ বিষ্ঠাযুক্ত খাদ্যও যোগান ধৰা হয় ৰোগীক ৷ এই অভিযোগ উত্থাপিত কৰিছে ৰোগীৰ আত্মীয়ই ৷

Allegations of corruption at Chakla Kokila State Dispensary in Bongaigaon
চৰকাৰী চিকিৎসালয়ত দুৰ্নীতি তথা অনিয়ম

বঙাইগাঁও, 3 ছেপ্টেম্বৰ : প্ৰকৃততে কি হৈ আছে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত ? বিভাগীয় মন্ত্ৰী-বিষয়াৰ অজ্ঞাতে চলিছে নেকি ৰাজ্যৰ একাংশ চৰকাৰী চিকিৎসালয়ত দুৰ্নীতি তথা অনিয়ম (Allegations of corruption at Chakla Kokila State Dispensary)৷ এইবাৰ এই অভিযোগ উত্থাপন কৰিছে বঙাইগাঁৱৰ একাংশ সচেতন নাগৰিক তথা ৰোগীৰ আত্মীয়ই ৷

অভিযোগ অনুসৰি, বঙাইগাঁও জিলাৰ চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত প্ৰসূতিক যোগান ধৰা হৈছে ম্যাদ উকলা খাদ্য সামগ্ৰী ৷ লগতে ৰোগীক যোগান ধৰা হৈছে নিগনিৰ মলযুক্ত খাদ্য ৷ এই লৈ শনিবাৰে বঙাইগাঁও জিলাৰ চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত ৰোগী আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত তীব্ৰ হয় তীব্ৰ বাক বিতণ্ডাৰ ৷

চৰকাৰী চিকিৎসালয়ত দুৰ্নীতি তথা অনিয়ম

তথ্য অনুসৰি, শুকুৰবাৰে ছেলিমা খাতুন নামৰ এগৰাকী প্ৰসূতিয়ে ৰাস্তাত পুত্ৰ সন্তান জন্ম দিয়ে ৷

তাৰ পিছতে প্ৰসূতিগৰাকীক চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই চিকিৎসালয়তে প্ৰসূতিগৰাকীক দিয়া হয় ম্যাদ উকলা আৰু নিগনিৰ বিষ্ঠাযুক্ত খাদ্য ৷ এই লৈ চিকিৎসক নুৰ আলম, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জেছমিনা খাতুনৰ লগত প্ৰসূতিৰ আত্মীয়ৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ।

আনহাতে, স্থানীয় লোকৰো দাবী এই চৰকাৰী চিকিৎসালয়খনৰ (Chakla Kokila State Dispensary in Bongaigaon) ভিতৰচ’ৰাত চলি আছে বিভিন্ন খাম-খিয়ালি ৷ এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰি বিবিহ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : ৰাজ্যৰ ক্ৰীড়া ক্ষেত্রৰ বাবে মুখ্যমন্ত্রীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.