ETV Bharat / state

All India Democratic Womens Association:নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অৱস্থান ধৰ্মঘট

মাণিকপুৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কেইবা দফীয়া দাবীৰ ভিত্তিত অৱস্থান ধৰ্মঘট । মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ ।

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 10:26 PM IST

All India Democratic Womens Association hold protest in manikpur
অৱস্থান ধৰ্মঘট
অৱস্থান ধৰ্মঘট

মাণিকপুৰ, 25 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ অৰ্ধ সাপ্তাহিক বজাৰ গৃহত সোমবাৰে বঙাইগাঁও আৰু চিৰাঙ জিলাৰ গণতান্ত্ৰিক মহিলা সমিতিয়ে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । মাণিকপুৰৰ লগতে হাৰিয়ানা, মণিপুৰ আদিকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মহিলাক নিৰ্যাতন কৰা ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিত্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, মহিলাৰ সংৰক্ষিত আসন গৃহীত কৰা, জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰা, নাৰীক সুৰক্ষা প্ৰদান কৰা আদি বিভিন্ন দাবীক লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদকাৰী মহিলাসকলে বিভিন্ন শ্ল’গান দি মহিলাসকলক নিৰ্যাতন কৰা বন্ধ কৰাৰ লগতে ৰন্ধন গেছৰ আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখ্য যে, সম্প্ৰতি নাৰীৰ নিৰাপত্তা নোহোৱা হৈছে । দিল্লীৰ নিৰ্ভয়া কাণ্ড, উত্তৰ প্ৰদেশৰ হাথৰছৰ ঘটনা, মণিপুৰৰ বিবেকহীন লজ্জাজনক ঘটনাই অকল নাৰী সমাজকেই নহয়; সচেতন ৰাইজক শংকিত কৰি তুলিছে ।

৭০ বছৰীয়া এগৰাকী বৃদ্ধাৰ পৰা আৰম্ভ কৰি বোৱাৰী, কিশোৰী, ছোৱালী, শিশু কোনো সাৰি যোৱা নাই ধৰ্ষণৰ পৰা । দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি নাৰী সৰবৰাহকাৰী সকলে কিশোৰী-যুৱতীসকলক প্ৰলোভিত কৰি নাৰীক অন্য ৰাজ্যলৈ বিক্ৰী কৰি অসামাজিক কামত লিপ্ত কৰাইছে । নাৰী নিৰ্যাতন, ধৰ্ষণ, হত্যাৰ ঘটনা ভাৰতবৰ্ষৰ ভিতৰত অসমতে বেছিকৈ ঘটে বুলি তথ্যত প্ৰকাশ ।

আনহাতে মূল্যবৃদ্ধিয়ে দেশৰ জনসাধাৰণক কোঙা কৰি পেলাইছে । জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ ফলত অসমত মৃত্যুৰ হাৰ বাঢ়িছে । এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ গণতান্ত্ৰিক মহিলা সমিতিৰ বঙাইগাঁও আৰু চিৰাং জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : All India Democratic Womens Association:ৰঙিয়াত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.