চিৰাং, 26 মে' : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে আজি ৪০ সংখ্যক শ্বহীদ দিৱস পালন কৰে । ১৯৮০ চনৰ ২৬ মে' তাৰিখে আজিৰ দিনটোতে সমগ্ৰ অসমৰ লগতে বিজনী দেউকুৰাপাৰত শ্বহীদ হৈছিল বহুকেইগৰাকী নাগৰিক ৷ ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি কৰাৰ লগতে সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে কৰা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ মানুহ সমবেত হৈ দাবী দিৱস পালন কৰিব যাওঁতে বিজনীত সংঘটিত হৈছিল এই ঘটনা ৷ প্ৰতিবাদকাৰীসকলৰ মাজৰ ১১ জনকৈ লোক আৰক্ষীৰ গুলিত শ্বহীদ হ'বলগীয়া হৈছিল ।

সেই মহান শ্বহীদসকলক স্মৰন কৰি আজি বিজনী দেউকুৰাপাৰস্থিত আমছুৰ শ্বহীদ বেদীত তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । আমছুৰ সভাপতিয়ে দলীয় পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে ।
আজিৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ, বঙাইগাওঁ জিলা আমছুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম মণ্ডল ডাঙৰীয়া, বিজনী জিলা আমছুৰ সভাপতি আবুল কালাম আজাদ, উপসভাপতি ৰছুল খান, সাধাৰণ সম্পাদক জাহেদ আলী, সহঃসাঃসম্পাদক ৰাজাবুল বানিয়া, পশ্চিম বিজনী আঞ্চলিক আমছুৰ উপ-সভাপতি ইমৰাণ খানকে আদি কৰি কেবাজনো লোক । শ্বহীদ দিৱস উপলক্ষে পতকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে অনুষ্ঠানৰ সামৰনি মাৰে ।