ETV Bharat / state

কাকৈজানাত দ্ৰুতবেগী বাহনৰ খুন্দাত দুটা সোণালী বান্দৰৰ মৃত্যু - 2 langur Monkey death By Car Accident At Bongaigaon

দ্ৰুতবেগী বাহনে মহতিয়ালে দুটা সোণালী বান্দৰ ৷ বাহন খনৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা লোকজনক কৰায়ত্ব কৰে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে সোণালী বান্দৰ দুটা ৷

ETV BHARAT
কাকৈজানাত দ্ৰুতবেগী বাহনৰ খুন্দাত দুটা সোণালী বান্দৰৰ মৃত্যু
author img

By

Published : Apr 19, 2020, 11:48 AM IST

বঙাইগাঁও,19 এপ্ৰিলঃ বঙাইগাঁও জিলাৰ ৩১নং (বি) ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ আপুৰুগীয়া দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু হয় ৷ দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যু হয় সোণালী বান্দৰ দুটাৰ ।

কাকৈজানাত দ্ৰুতবেগী বাহনৰ খুন্দাত দুটা সোণালী বান্দৰৰ মৃত্যু

বঙাইগাঁৱৰ কাকৈজানাত শোকাৱহ ঘটনা সংঘটিত হয় । তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু মুখত পৰে দুটাকৈ আপুৰুগীয়া সোণালী বান্দৰ। খাদ্যৰ সন্ধানত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা কাষৰীয়া গাঁৱলৈ ওলাই আহিছিল এটা সোণালী বান্দৰৰ জাক। কিন্তু ৩১নং (বি) ৰাষ্ট্ৰীয় ঘাই পথত দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় এটি সোণালী বান্দৰৰ পোৱালীৰ ৷ কিছুসময় পিছতেই আঘাতপ্ৰাপ্ত মাকজনীৰো মৃত্যু হয় । উল্লেখ্য যে, বৰপেটাৰ পৰা বৰোদা বেংকৰ জনৈক পিংকু নামৰ বেংক কৰ্মচাৰী জনে দ্ৰুতবেগত গাড়ী চলাই আহি থকা অৱস্থাতে সংঘটিত হয় ঘটনাটো ৷ ইতিমধ্যে AS-19H-9535 নম্বৰৰ বাহনখনৰ সৈতে কৰ্মচাৰীজনক স্থানীয় ৰাইজে কৰায়ত্ত কৰে। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে সোনালী বান্দৰ দুটাৰ । কিছুদিনৰ পূৰ্বেও বিদ্যুতস্পৃষ্ট হৈ পোৱালিসহ সোণালী বান্দৰ নিহত হৈছিল । দুষ্প্ৰাপ্য সোনালী বান্দৰ সমুহ এইদৰেই প্ৰতি বছৰেই নিহত হোৱা ঘটনাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগৰ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক - লক ডাউনৰ বাবে প্ৰদূষণ হ্ৰাস পাইছে গুৱাহাটী মহানগৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.