ETV Bharat / state

বিবাহিতা মহিলাই পলুৱাই নিলে 18 বছৰীয়া যুৱকক

author img

By

Published : Jul 25, 2021, 9:58 PM IST

মাণিকপুৰৰ শিলগাগৰীত চাঞ্চল্যকৰ ঘটনা । বিবাহিতা মহিলাই পুনৰ বিবাহৰ উদ্দেশ্যৰে 18 বছৰীয়া যুৱকক অপহৰণ কৰাৰ অভিযোগ ৷ বিবাহিতা মহিলা এগৰাকীয়ে 18 বছৰীয়া যুৱকৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হোৱাৰ উদ্দেশ্যৰে অপহৰণ কাণ্ড সংঘটিত কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিবাহিতা মহিলাই পলুৱাই নিলে 18 বছৰীয়া যুৱক

অভয়াপুৰী, 25 জুলাই : সাধাৰণতে চিনেমাত দেখুওৱাৰ দৰেই অনুৰূপ ঘটনা ঘটিছে বঙাইগাঁও জিলাত ৷ বিয়াৰ বাবেই অপহৰণ হ’ল এজন যুৱকক ৷ যুৱকজনৰ বয়স 18 বছৰ ৷ কিন্তু চিনেমাত দেখুওৱা ঘটনাতকৈও যেন পৃথক এই ঘটনা ৷

যুৱকজনক কোনো অপহৰণকাৰী দল অথবা কইনাৰ ককায়েকে অপহৰণ কৰা নাই ৷ এই ঘটনাটোত এগৰাকী বিবাহিতা মহিলাই এজন 18 বছৰীয়া যুৱকক বিবাহ কৰোৱাৰ উদ্দেশ্যৰে অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শামুকামাৰীৰ শিলগাগৰীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ।

এগৰাকী বিবাহিতা মহিলাই ১৮ বছৰীয়া যুৱকক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালে । ঘটনা অনুসৰি, বিগত 23 জুলাইৰ সন্ধিয়া 8 বজাত গাঁৱখনৰ এটি ছবছৰীয়া কন্যা সন্তানৰ মাতৃয়ে বিবাহৰ উদ্দেশ্যৰে 18 বছৰীয়া এজন যুৱকক তিনিজন লোকৰ সহায়ত অপহৰণ কৰি অজ্ঞাত ঠাইত পণবন্দী কৰি ৰাখে ৷ ঘটনা সংক্ৰান্তত যুৱকজনৰ পৰিয়ালে মাণিকপুৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷

উল্লেখযোগ্য যে, বিবাহিতা মহিলাগৰাকীৰ 7 বছৰ পূৰ্বে 2 নং ভাণ্ডাৰা গাঁৱত সামাজিকভাৱে বিবাহ সম্পন্ন হৈছিল । বিবাহিতা মহিলা গৰাকীয়ে 18 বছৰীয়া যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ উদ্দেশ্যৰে অপহৰণ কাণ্ড সংঘটিত কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: ডকাইতক লগত লৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে পিষ্টল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.