ETV Bharat / state

ঘিলাধাৰী নৈত যুৱকৰ সলিল সমাধি

author img

By

Published : Aug 16, 2020, 8:51 PM IST

শনিবাৰে দিনৰ প্ৰায় 2:30 বজাত দুগৰাকী যুৱকে চতিয়াৰ ঘিলাধাৰী নৈত গা ধুবলৈ যোৱাৰ পাচতে সংঘটিত হয় এক দুৰ্ঘটনা ৷ নৈত এগৰাকী যুৱকৰ সলিল সমাধি হোৱাৰ বিপৰীতে বৰ্তমানলৈ সন্ধানহীন হৈ আছে আন গৰাকী যুৱক ৷

ঘিলাধাৰী নৈত অঘটন
ঘিলাধাৰী নৈত অঘটন

বিশ্বনাথ, 16 আগষ্ট: নৈত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী যুৱকৰ, সন্ধানহীন আন গৰাকী ৷ শনিবাৰে দিনৰ প্ৰায় 2:30 বজাত চতিয়াৰ ঘিলাধাৰী নৈত গা ধুবলৈ গৈছিল গেৰেকীৰ ৰাহুল বৰুৱা আৰু জিতুল কেওট নামৰ দুগৰাকী যুৱক ৷ তাৰ পাচতেই দুয়োগৰাকী যুৱক নিখোজ হোৱাৰ বাতৰি পাই তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ কৰে কেইগাকীমান স্থানীয় যুৱকে ৷ প্ৰায় 2 ঘণ্টাৰ অভিযানৰ অন্তত ৰাহুল বৰুৱা নামৰ যুৱকগৰাকীৰ নিথৰ দেহ উদ্ধাৰ হয় যদিও, এই পৰ্যন্ত সন্ধান ওলোৱা নাই আনগৰাকী যুৱকৰ ৷

ঘিলাধাৰী নৈত যুৱকৰ সলিল সমাধি

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অৱগত কৰে এন ডি আৰ এফ বাহিনীক ৷ ঘটনাস্থলীত অভিযানকাৰী দলটো উপস্থিত হৈ অভিযান চলাই যদিও, নিশাৰ আন্ধাৰত অসুবিধা হোৱাৰ বাবে স্থগিত ৰাখিবলগীয়া হয় তেওঁলোকৰ অভিযান ৷ দেওবাৰে পুৱাৰ ভাগত পুনৰ অভিযান আৰম্ভ হয় যদিও, বৰ্তমানলৈ উদ্ধাৰকাৰী বাহিনীয়ে সন্ধান লাভ কৰা নাই আন গৰাকী যুৱকৰ ৷ পৰৱৰ্তী সময়ত এন ডি আৰ এফ বাহিনীৰ দলটোক সহযোগ কৰে এছ ডি আক এফ বাহিনীৰ লোকে ৷ সম্প্ৰতি দুয়োটা উদ্ধাৰকাৰী দলে যুৱক জনৰ সন্ধানত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

লগতে পঢ়ক: বৰপেটাত জনস্বাস্থ্য কাৰিকৰী বিভাগত বৃহৎ কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.