বিশ্বনাথ, ২৩ এপ্ৰিল : আজি বিশ্ব ধৰিত্ৰী দিৱস (World Earth Day 2023) ৷ প্ৰত্যেক বছৰৰ ২২ এপ্ৰিল তাৰিখে বিশ্বজুৰি পালন কৰা হয় ধৰিত্ৰী দিৱস । এই দিনটোত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিভিন্ন কাৰ্যসূচী পালন কৰা হয় (World Earth Day celebrates in Biswanath)। ‘‘আচলতে প্ৰকৃতিয়ে আমাক সৰ্বস্ব উজাৰি দিলে ৷ আমি বাৰু প্ৰকৃতিক কি দিলো ৷’’ এই মন্তব্য বিশ্বনাথ চাৰিআলি বিশিষ্ট সমাজকৰ্মী তথা প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাৰ (Nature lover Kumud Baroua)।
প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাই প্ৰাণভৰি ভালপায় প্ৰকৃতিক ৷ সেয়ে প্ৰতিটো দিনে তেওঁ ধৰিত্ৰী দিৱস হিচাবে উদযাপন কৰে ৷ য'ত নিহিত হৈ আছে প্ৰকৃতিৰ প্ৰতি তেওঁৰ নিঃস্বাৰ্থ ভালপোৱা আৰু ভৱিষ্যতৰ পৃথিৱীৰ প্ৰতি দ্বায়িত্ববোধ ৷ যাৰ বাবে সৰ্বস্ব ত্যাগ কৰি হ’লেও তেওঁ অব্যাহত ৰাখিছে সমাজখন সেউজীয়া কৰাত ৷ সেউজীয়া সপোনৰ পম খেদি লোকজনে ইতিমধ্যে ত্যাগ কৰিছে অধিবক্তাৰ দৰে বৃত্তি ৷ আনকি তেওঁ বিক্ৰী কৰিছে ইকঠাৰ পাচত সিকঠা মূল্যৱান মাটিও ।
অধিবক্তা হিচাবে কৰ্মজীৱন আৰম্ভ কৰা কুমুদ বৰুৱাৰ ঘৰ বিশ্বনাথ চাৰিআলিত বামগাঁৱত । বিশ্বনাথ চাৰিআলিৰ চহৰ স্বচ্ছতা আৰু সেউজীয়াবোৰৰ আঁৰৰ লোকজনেই হৈছে কুমুদ বৰুৱা ৷ কেৱল বিশ্বনাথ চাৰিআলিয়েই নহয়, তেজপুৰ নগৰ তেজপুৰ ন্যায়লয় চৌহদ, শদিয়াৰ পৰা ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ, শংকৰদেৱ কলাক্ষেত্ৰলৈকে বিগত ১৩ বছৰে নিজা খৰচত লোকজনে ৰোপন কৰি আহিছে হাজাৰ হাজাৰ গছপুলি ৷
জানি হয়তো আচৰিত হ’ব, গছৰ লগত কথা পাতে এইগৰাকী প্ৰকৃতি প্ৰেমী কুমুদ বৰুৱাই ৷ গছে বহু কথা কয় কুমুদ বৰুৱাক ৷ এদিন হেনো গছে কুমুদ বৰুৱাক ক'লে, ‘‘ওকালতিৰ টকাৰ মোক লালন-পালন কৰিব নালাগে’’ ৷ সেয়ে ২০১৫ চনতে ওকালতি বাদ দিলে এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে ৷ কুমুদ বৰুৱাই উকালতি বাদ দিয়াৰ পাচত গছপুলি ৰোপণৰ ক্ষেত্ৰত কিছু আৰ্থিক অনাটনে দেখা দিয়ে ৷ সেয়ে তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা কিছু মাটি বিক্ৰী কৰি দিছিল গছপুলি ৰোপণৰ নামত ৷
প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাই নিজৰ বুলি অকণমনো মাটি নাৰাখিল উত্তৰ পুৰুষলৈ ৷ কুমুদ বৰুৱাই কেৱল গছপুলি ৰোপণ কৰিয়েই দ্বায়িত্ব নাসামৰে ৷ প্ৰতিটো গছপুলি নিজেই লালন-পালনো কৰে ৷ ঊষানগৰী তেজপুৰৰ সেউজীয়াবোৰৰ মাজতো জিলিকি আছে কুমুদ বৰুৱাৰ ত্যাগ আৰু কষ্ট ৷ অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী কুমুদ বৰুৱাক সেয়ে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে প্ৰশাসনে সম্বৰ্ধিতও কৰি আহিছে ৷
আনহাতে, আজি পবিত্ৰ ঈদৰ উপলক্ষে তেওঁ নিজেই ৰোপণ কৰা গছত গামোচা বান্ধি ঈদৰ শুভেচ্ছাও জ্ঞাপন কৰে । ইফালে ইতিমধ্যে তেওঁ নেতৃত্বত আৰু আপ যুৱ শক্তি অসম ৰাজ্যিক যুটীয়া সম্পাদক অপূৰ্ব বৰুৱা সহযোগত তেজপুৰ পৰা বিশ্বনাথ চাৰিআলি নগৰলৈ সোমোৱা পথৰ দুই কাষে থকা প্ৰকাণ্ড গছসমূহত ৰং কৰি বিশ্বনাথ সৌন্দৰ্য বৰ্ধন কৰা চেষ্টা কৰা কৰিছে ।
কুমুদ বৰুৱাই একমাত্ৰ গছপুলি ৰোপণ কৰাই নহয়, চহৰখনত স্বচ্ছতা বজাই ৰখা লগতে দৰিদ্ৰ লোকৰ মাজত গৰম কাপোৰ বিতৰণকে ধৰি বিভিন্ন সামাজিক কামটো নিজকে নিয়োজিত কৰি ৰাখিছে কুমুদ বৰুৱাই । ইফালে আজি বিশ্ব ধৰিত্ৰী দিৱস দিনটো তেওঁ গুৱাহাটীৰ কলাক্ষেত্ৰত, ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ, নগাঁও ৰাষ্ট্ৰীয় ঘাইপথ আদিকে কৰি বিভিন্ন স্থানত ১০০ জোপা অধিক গছপুলি ৰোপণ কৰিছে বুলি জানিব পৰা গৈছে ৷ লগতে চৰকাৰলৈ অপক্ষা নকৰি সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাই ৷
লগতে পঢ়ক : Mini Arunachal in Assam : আহকচোন যাওঁ মিনি অৰুণাচলৰ দিশে...