ETV Bharat / state

Wild elephant scare : বিহালীত ওৰে নিশা হাতী খেদাত ব্যস্ত বনকৰ্মী

author img

By

Published : Oct 20, 2022, 4:55 PM IST

ৰাজ্যত অব্যাহত আছে বন্য হাতীৰ উপদ্ৰৱ (Wild elephant menace in Assam)। তাৰ মাজতে বিহালীত অৰ্ধশতাধিক হাতীৰ এটা দলে চলাইছে উপদ্ৰৱ । পুৱতি নিশালৈ হাতী খেদাত ব্যস্ত থাকিল বনকৰ্মী ।

Behali
বিহালীত ওৰে নিশা হাতী খেদাত ব্যস্ত বনকৰ্মী

বিশ্বনাথ, ২০ অক্টোবৰ : ৰাজ্যত অব্যাহত আছে হস্তী-মানুহৰ সংঘাত (Man elephant conflict in Assam)। অসমৰ কেইবাখনো জিলাত প্ৰায় প্ৰতিদিনে সংঘটিত হৈছে এনে ঘটনা । বহু স্থানত হস্তী মানুহৰ সংঘাতে লৈছে চৰম ৰূপ । যোৰহাটৰ তিতাবৰৰ পাছত এইবাৰ বনৰীয়া হাতীৰ সন্ত্ৰাস বিশ্বনাথ জিলাৰ বিহালীত ।

বিহালীতো বনৰীয়া হাতীৰ উপদ্ৰৱ চলিছে (Wild elephant menace in Behali)। বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে গঞা । প্ৰায় ৫০ৰ পৰা ৬০ টা হাতী থকা এটা জাকে বিহালীৰ জনাঞ্চলত প্ৰৱেশ কৰে । জনাঞ্চলত প্ৰৱেশ কৰি হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই আৰু লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ ।

হাতীৰ জাকটোৱে খায় তহিলং কৰে ধাননি পথাৰ, লগতে বহু শাক-পাচলিৰ খেতিও নষ্ট কৰে । হাতীৰ আক্ৰমণৰ ভয়ত নিশা উজাগৰেই কটাবলগীয়া হয় গাঁওবাসী । বুধবাৰে নিশা বিহালীৰ চেনিমাৰী, ৰৌমাৰী, বৰাজুলি আদি অঞ্চলত বনৰীয়া হাতীৰ জাকটোৱে তাণ্ডৱ চলাই বহু খেতি পথাৰ শস্য নষ্ট কৰে । ইফালে সন্ধিয়া ৫ বজাৰ পৰা বৰগাঙৰ বনকৰ্মীৰ এটা দলে হাতী জাকটো খেদিবলৈ অহৰহ চেষ্টা কৰি থকা দেখা যায় (Forest staff busy chasing elephants in Behali)।

নিশা প্ৰায় ১ মান বজাতো হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰে বনকৰ্মী আৰু গাঁৱৰ লোকসকলে । হাতী খেদাৰ দৃশ্য বন্দী হ'ল একমাত্ৰ ইটিভি ভাৰতৰ কেমেৰাত । ইফালে ৰৌমাৰী বুৰৈ নৈৰ দুয়ো পাৰে অৱস্থান কৰা হাতীৰ জাকটোক বন বিভাগৰ লোকে খেদি পঠিওৱাৰ চেষ্টা চলাই যদিও বিফল হয় ।

উপায়ন্তৰ বনকৰ্মীৰ ৫ জনীয়া এটা দলে গহপুৰৰ পৰা বিহালী সমষ্টিত ওৰে নিশা পহৰা দি থাকিবলগীয়া হয় । পুৱাৰ ভাগলৈ স্থানীয় ৰাইজে জুই, ফটকা আদি ব্যৱহাৰ কৰি হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰাখে ।

উল্লেখ্য বিহালীৰ সমান্তৰালকৈ যোৰহাটৰ তিতাবৰত বন্যহস্তীৰ আক্ৰমণ অব্যাহত আছে । তিতাবৰত বুধবাৰে নিশা বন্য হস্তীৰ আক্ৰমণত মৃত্যু হয় এজন শ্ৰমিকৰ (Man killed in wild elephant attack)। লক্ষণীয়ভাৱে বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও আজিলৈ চৰকাৰে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । যাৰ বাবে বন বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈছে সাধাৰণ নাগৰিক ।

লগতে পঢ়ক :Man Elephant conflict : হাতীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.