বিশ্বনাথ,২৪ জুন: ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাটৰ ঘটনা(Wild elephant attacks in different parts of Assam) ৷ বিভিন্ন সময়ত বনৰীয়া হাতীৰ আক্ৰমণত বাসস্থান আনকি জীৱন পৰ্যন্ত হেৰুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এনে সংঘাতময় এলেকাৰ লোক সকলে ৷ শেহতীয়াকৈ বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ আৰু বিহালী সমষ্টিৰ ৰাংছালী হেলেম, গমিৰি, নেপালী বস্তী, নেপালী পথাৰ, জালুকবাৰী পথাৰকে আদি কৰি বিভিন্ন প্ৰান্তত ৩০/৩৫ জনীয়া এটা বনৰীয়া হাতীৰ জাকে যোৱা কেইবা দিনো ধৰি চলাই আহিছে তাণ্ডৱ ।

আন দিনাৰ দৰে বৃহস্পতিবাৰে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ওৰেটো নিশা তাণ্ডৱ চলাই ভাঙি লণ্ডভণ্ড কৰে বহুকেইটা পৰিয়ালৰ বাসগৃহ(Wild elephant demolishes residence in Bihali) । লগতে তামোল, নাৰিকল গছ ভাঙি খাই তহিলং কৰে হাতীৰ জাকটোৱে । হাতীৰ জাকটোৱে ৰাংছালী দলনী গাঁৱৰ উমাকান্ত খতিওৰাৰ এটা গৃহ সম্পূৰ্ণ ভাৱে ভাঙি নষ্ট কৰা লগতে বাৰীৰ তামোল পানৰো যথেষ্ট ক্ষতিসাধন কৰা পৰিলক্ষিত হয় ।

ইফালে বৰগাঙস্থিত বন বিভাগক হাতীৰ এই জাকটোক খেদি পথাবৰ বাবে স্থানীয় ৰাইজে বহু কাকতি মিনতি কৰে যদিও নাপালে কোনো সুফল । উল্লেখযোগ্য যে, বিগত কেইবা দশকৰ পৰা অসমত হাতী আৰু মানুহৰ মাজত সংঘাত অব্যাহত আছে ৷ ৰাজ্য চৰকাৰৰ বন বিভাগে এই জ্বলন্ত সমস্যাটো সমাধান কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও একাংশ বন বিষয়াৰ গুৰুত্বহীনতাৰ বাবেই এইসমূহ পৰিকল্পনাই কোনো বিশেষ ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই অসমত ৷
লগতে পঢ়ক: চামগুৰি প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত ৭৪ হাজাৰ টকীয়া চাৰিটা বহুমূলীয়া গছপুলি !