ETV Bharat / state

গহপুৰত জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

গহপুৰৰ ভোলাগুৰিত জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক উৎপল বৰাই ৷ বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ বিধায়ক বৰা ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ৰাজ্যিক স্ব-অধিকাৰ উন্নয়ন পুঁজি দ্বাৰা অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে নিৰ্মাণ হ'ব জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্প ৷

গহপুৰত জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন
গহপুৰত জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন
author img

By

Published : Feb 11, 2021, 10:19 PM IST

বিশ্বনাথ, 11 ফেব্ৰুৱাৰী: জাতি এটাৰ মেৰুদণ্ড স্বৰূপ কলা-সংস্কৃতিৰ ঐতিহ্যমণ্ডিত ধাৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা এখন সঠিক মঞ্চ প্ৰদান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে যথেষ্ট অৰিহনা আগবঢ়াইছে বুলি মন্তব্য কৰিছে গহপুৰৰ বিধায়ক উৎপল বৰাই ৷

utpal bora laid foundation of jyoti udyan sanskritik prakalpa
ভোলাগুৰি অঞ্চলৰ জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ভোলাগুৰিত জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি সমষ্টিটোৰ বিধায়ক গৰাকীয়ে এই মন্তব্য কৰে ৷ বৰাই মন্তব্য কৰে যে, এটা জাতিৰ মেৰুদণ্ড স্বৰূপ কলা সংস্কৃতিৰ ঐতিহ্যমণ্ডিত ধাৰা অব্যাহত ৰাখিবলৈ হ'লে আগ্ৰহ আৰু ত্যাগৰ প্ৰয়োজন ৷ কলা সংস্কৃতিৰ এই ধাৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সঠিক মঞ্চখন বিজেপিয়ে যোগান ধৰিছে বুলিও বৰাই মন্তব্য কৰে ৷

বৃহস্পতিবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ৰাজ্যিক স্ব-অধিকাৰ উন্নয়ন পুঁজি (SOPD) দ্বাৰা আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে নিৰ্মাণ হ'বলগীয়া ভোলাগুৰি অঞ্চলৰ জ্যোতি উদ্যান সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিসম্বাদ চলিছেঃ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.