বিশ্বনাথ, ২৯ মে': বিশ্বনাথ-পানপুৰ মথাউৰীৰ সমীপৰ ৫ নং কুমলীয়াৰ ঝুলাপাৰাত ব্রহ্মপুত্র নদীৰ সমীপত থকা দ' খাৱৈত উদ্ধাৰ মহিলা মৃতদেহ । বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ মান বজাৰ পৰা সন্ধাহীন হোৱা অচিনাকী মহিলা মৃতদেহ উদ্ধাৰ হয় শুকুৰবাৰে । খাৱৈত মহিলা গৰাকীৰ সন্ধানত নীয় ৰাইজে নাৱৰ জৰিয়তে অভিযান চলাই যদিও মৃত দেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু স্থানীয় ৰাইজে এজন ব্যক্তিৰ সহযোগত শেৱালি জাল মাৰি উদ্ধাৰ অভিযানত নামি পৰা পাছতে উদ্ধাৰ হয় মহিলা গৰাকীৰ মৃতদেহ ।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ মান বজাত ৩০/৩১ বছৰীয়া এগৰাকী মহিলা খোজকাঢ়ি খাৱৈ পাৰে পাৰে আহি থকা অৱস্থাতে শিঙিমাৰী প্ৰাথমিক বিদ্যালয়ৰ সমীপত থকা ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া দ'খাৱৈত হঠাৎ পৰি যোৱা গাঁওখনৰ দুখজ ব্যক্তিয়ে প্ৰত্যক্ষ কৰিছিল । উক্ত ব্যক্তি কেইজনে ততাতৈয়াকৈ নদী আৰক্ষী আৰু গাঁও আৰক্ষী বাহিনীক খবৰ দিয়াত ঘটনাস্থনীত নদী আৰক্ষী উপস্থিত হয় । কিন্তু লগত NDRF বাহিনী নোহোৱাৰ লগতে সন্ধিয়া হোৱাৰ বাবে অভিযান নদী আৰক্ষী বাহিনীয়ে ।
আনহাতে, বৰ্তমান পৰ্যন্ত মৃত মহিলা গৰাকী চিনাক্ত হোৱা নাই বুলি জানিবলৈ দিয়ে নদী আৰক্ষী বিষয়া ৰঞ্জন গগৈয়ে ।