বিহালী,৩ জুলাই: হেলেম আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা । আৰক্ষী থানাৰ সন্মুখতে ৰখাই থোৱা অৱস্থাত অজ্ঞাত দুৰ্বৃত্তই জ্বলাই দিয়ে দুখনকৈ ট্ৰাক(Truck burned in front of Helem police station) । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা হৈছিল ট্ৰাক দুখন । আৰক্ষীয়ে জনোৱা অনুসৰি পুৱতি নিশা প্ৰায় ২:১৫ বজাত জ্বলি উঠে ট্ৰাক দুখন ।
আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও ভস্মীভূত ট্ৰাকদুখনৰ কেবিন দুটা । অগ্নিকাণ্ড সংঘটিত হোৱা ট্ৰাক দুখনৰ নম্বৰ MN-01-9547 আৰু AS01NC-4286 । হেলেম থানাই থানাৰ সন্মূখৰ ১৫ নং ৰাষ্ট্ৰীয় পথত ৰখাই থোৱা গাড়ী দুখন কোনে কি কাৰণত অগ্নিসংযোগ কৰে সেই বিষয়ে বৰ্তমানো কোনো তথ্য পোহৰলৈ অহা নাই ।
উল্লেখ্য যে যোৱা ২৫ জুনত অবৈধ অৰুনাচলী সুৰাৰ সৈতে বিহালী আৰক্ষীয়ে জব্দ কৰিছিল ট্ৰাক দুখন(Bihali police seized two trucks loaded with Arunachali liquor) । অৰুণাচলৰ বান্দৰদেৱাৰ পৰা মণিপুৰলৈ গৈ থকা অৱস্থাত বিহালী আৰক্ষীয়ে জব্দ কৰিছিল দুয়োখন ট্ৰাক । প্ৰায় ১৫০০ কাৰ্টন সুৰাৰে ভৰ্তি ট্ৰাক দুখন বিহালী আৰক্ষীয়ে গতাই দিছিল হেলেম আৰক্ষীক । কিন্তু হেলেম আৰক্ষী থানাৰ সন্মুখত ৰকাই থোৱা অৱস্থাত ট্ৰাক দুখনত কোনে কি কাৰণত অগ্নিসংযোগ কৰিলে তাক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ ।
লগতে পঢ়ক: বিহালীত অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ