ETV Bharat / state

এজাক বৰষুণতে খহি পৰিল পকী দলংঃ পনবন্দী কেইবাখনো গাঁৱৰ ৰাইজ

ৰঙাপাৰাত নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা দলং খহি পৰাত ব্যাহত হৈ পৰিছে

এজাক বৰষুণতে খহি পৰিল পকী দলং, যাতায়ত ব্যাহত
author img

By

Published : Jul 3, 2019, 11:36 PM IST

ৰঙাপাৰা, ৩ জুলাইঃ কালি নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা জৰাসৰ নদীৰ বাঢ়নি পানীয়ে ভাঙি পেলায় মোলানগাঁও কলনী চাহ বাগিচা আৰু ৰঙাপৰা সংযোগী একমাত্ৰ পকী দলংখন । যোৱা কিছুদিন পূৰ্বে নিৰ্মাণ কৰা পকী দলংখনে জৰাসৰ নৈৰ বাঢ়নি পানীৰ প্ৰৱল সোঁত সহ্য সহিব নোৱাৰি মাজ ভাগতে ভাঙি পৰে । ইয়াৰ ফলত আজি পুৱাৰে পৰা উক্ত পথচোৱাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰাৰ লগতে মোলানগাঁও, ওপৰ মোলানগাঁও, মোলানগাঁও কাছাৰী আদি গাঁৱৰ ৰাইজ পনবন্দী হৈ পৰে। উল্লেখযোগ্য যে, অতি নিম্নমানৰ সামগ্ৰীৰে দলংখন নিৰ্মাণ কৰা বাবেই দলংখন খহি পৰে বুলি ৰাইজে অভিযোগ কৰিছে । ইতিমধ্যে স্থানীয় ৰাইজে যাতায়তৰ সুবিধাৰ অৰ্থে বাহেঁৰে নিৰ্মাণ কৰি লোৱা দলংখনো নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়াত বিপাঙত পৰিছে কেইবাখনে গাঁৱৰ ৰাইজ । অতি গুৰুত্বপূৰ্ণ যে জৰাসৰ নদীৰ দুয়োপাৰে বসবাস কৰি থকা মোলানগাঁও, মোলানগাঁও কাছাৰী, ভোবোলা বঙালী আৰু উপৰ মোলানগাঁৱকে ধৰি এক বৃহত্তৰ অঞ্চলৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে নদীৰ ওপৰত পকী দলংৰ অভাৱত দীৰ্ঘদিন ধৰি চৰম দুৰ্ভোগ ভুগি আহিছিল। কিন্ত কালি নিশা দলংখন ভাঙি পৰাত স্থানীয় ৰাইজে পুনৰ একে সমস্যাৰে সন্মুখীন হ'ব লগা হৈছে । সেয়ে স্থানীয় বিধায়ক পদ্ম হাজৰিকাক পুনৰ দলংখন নিৰ্মাণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।

Intro:শোনিতপুৰ ৰঙাপৰাৰ কলনীত জৰাসৰ নৈৰ বাঢ়নি পানীৰ প্ৰবল সোঁতত ভাঙি পৰিল এখন পকী দলংঃ যাতায়ত ব্যাহতBody:ৰঙাপৰাঃ শোনিতপুৰ জিলাৰ জৰাসৰ নৈৰ বাঢ়নি পানীৰ প্ৰবল সোঁতত ভাঙি পৰিল এখন পকী দলং। কালি নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুনৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছিল জৰাসৰ নৈখনৰ পানী ৷ নৈখনৰ বাঢ়নি পানীৰ প্ৰবল সোতে ভাঙি পেলায় মোলানগাঁও কলনী চাহ বাগি হৈ ৰঙাপৰা সংযোগী একমাত্ৰ পকী দলংখন ৷ আজি কিছুদিন পূৰ্বে নিৰ্মান কৰা হৈছিল উক্ত দলংখন ৷ কিন্ত জৰাসৰ নৈৰ বাঢ়নি পানীৰ প্ৰৱল সোঁতৰ সহ্য সহিব নোৱাৰি  দলংখন মাজ ভাগতে ভাঙি পৰে। যাৰ ফলত আজি পুৱাৰে পৰা মোলানগাঁও, ওপৰ মোলানগাঁও, মোলানগাঁও কাছাৰী আদি গাঁৱৰ ৰাইজ পনবন্দী হৈ পৰে। উক্ত পথচোৱাত যাতায়ত সম্পূৰ্ণ ভাৱে ব্যাহত হৈ পৰে। আনকি স্থানীয় ৰাইজে যাতায়তৰ সুবিধাৰ অৰ্থে  বাহেঁৰে নিৰ্মান কৰি লোৱা বাঁহৰ দলংখনো নৈখনৰ বাঢ়নি পানীয়ে উটুৱাই নিয়াত বিপাংত পৰিছে কেইবাখনে গাঁৱৰ ৰাইজ। জৰসৰ নৈৰ বাঢ়নি পানীৰ প্ৰকোপ সহিব নোৱাৰি দলংখন খহি পৰে। দলংখন খহি পৰাত নৈখনৰ দুয়ো পাৰে একাংশ ৰাইজ এনেদৰে  নৈখনৰ পাৰত ৰৈ থাকিবলগীয়া হয়। অতি নিম্নমান সামগ্ৰীৰে দলংখন  নিৰ্মান কৰা বাবেই জৰাসৰ নৈৰ বাঢ়নি পানীৰ সোঁত সহিব নোৱাৰাৰ বাবেই দলংখন খহি পৰা বুলি ৰাইজে অভিযোগ কৰিছে।দুয়োকাষে বৈ যোৱা জৰাসৰ নদী মাজত বসবাস কৰি থকা মোলানগাঁও, মোলানগাঁও কাছাৰী, ভোবোলা বঙালী আৰু উপৰ মোলানগাঁৱকে ধৰি কেইবাখনে গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে নদীৰ ওপৰত পকী দলং নথকাৰ পৰিপ্ৰেক্ষিতত চৰম দুৰ্ভোগ ভুগি যাতায়ত কৰি আহিছিল। কিন্ত জৰাসৰ নৈৰ প্ৰৱল সোঁতে কালি নিশা দলংখন ভাঙি পোলোৱাত শংকিত হৈ পৰিছে ৰাইজ। স্থানীয় বিধায়ক পদ্ম হাজৰিকাক পুনৰ দলংখন নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.