ETV Bharat / state

কদৰ্যময় পৰিৱেশত বিশ্বনাথৰ এটা ব্যস্ত অঞ্চল - পৌৰসভাৰ বিৰুদ্ধে উত্থাপন অভিযোগ

স্বচ্ছ ভাৰতৰ ধাৰণাক ধোঁৱা চাঙত তুলি থোৱা দৃশ্য পৰিলক্ষিত হৈছে, বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়লৈ যোৱা মূল পথৰ কাষত ।

unclean environment prevailing in a busy area of biswanath

author img

By

Published : May 13, 2020, 4:33 PM IST

বিশ্বনাথ, 13 মে': বিশ্বনাথ চাৰিআলি পৌৰসভাৰ বিৰুদ্ধে উত্থাপন হৈছে দায়িত্ব জ্ঞানহীনতাৰ অভিযোগ । জৱাহৰ নৱোদয় বিদ্যালয়লৈ যোৱা মূল পথৰ কাষতে পেলাইছে আবৰ্জনা । যাৰ বাবে সম্প্ৰতি এক পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত । গাড়ীয়ে গাড়ীয়ে দৈনিক এই পথৰ কাষতে আৱৰ্জনাসমূহৰ লগতে মৃত জীৱ-জন্তুও পেলাই থৈ যায় পৌৰ নিগমে ।

পূতিগন্ধময় পৰিৱেশে বিৰাজ কৰিছে বিশ্বনাথৰ এটা ব্যস্ত অঞ্চলত

আৱৰ্জনাৰ পূতিগন্ধময় পৰিৱেশ অঞ্চলটোৰ প্ৰায় 3 কিল'মিটাৰ পৰ্যন্ত স্থানলৈ সম্প্ৰচাৰিত হৈ আছে । সম্পূৰ্ণ প্ৰদূষিত কৰি পেলাইছে সমগ্ৰ অঞ্চল । কেৱল বিদ্যালয়খনেই নহয়, এই পথটি বিশ্বনাথ চাৰিআলিৰ কেইবাখনো গাঁৱৰ ৰাইজে মূল পথ হিচাপে ব্যৱহাৰ কৰি আহিছে । আনহাতে এই পথৰ সন্মুখতে আছে বিশ্বনাথ কৃষি বিশ্ববিদ্যালয়খনো । স্থানীয় লোকে পৌৰ নিগম কৰ্তৃপক্ষক সুদীৰ্ঘ দিন ধৰি পথটোৰ বিষয়ে অৱগত কৰি আহিছে যদিও, আজিলৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে পৌৰ নিগমৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

লগতে পঢ়কঃ নলবাৰীত সংবাদমেল সম্বোধন অসম পৰ্যটন নিগমৰ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.