বিশ্বনাথ, 18 আগষ্ট : বিশ্বনাথ জিলাৰ আৰক্ষীয়ে দিনে নিশাই অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান । ইখনৰ পিছত সিখন অবৈধ অৰুণাচলী সুৰা কঢ়িওৱা বাহন জব্দ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ জিলা আৰক্ষী । দৈনিক জিলাখনৰ বিভিন্ন আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই উদ্ধাৰ কৰিছে কাৰ্টনে কাৰ্টনে অবৈধ অৰুণাচলী সুৰা ।
ইফালে শুকুৰবাৰে পুৱা ১১ মান বজাত বিশ্বনাথ জিলা আৰক্ষীৰ অন্তৰ্গত বিহালী সমষ্টিৰ বেদেতী বুৰৈ দলঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ অৰুণাচলী সুৰা ভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় বিশ্বনাথ জিলা আৰক্ষী । উল্লেখ্য যে বিশ্বনাথ জিলাৰ বিহালী আৰক্ষীৰ এক গোপন সূত্ৰৰ খবৰ অনুসৰি অৰুণাচলৰ পৰা মণিপুৰৰলৈ এখন ১২ চকীয়া ট্ৰাকত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা কঢ়িয়াই নি থকাৰ তথ্য লাভ কৰিছিল বিশ্বনাথ জিলা আৰক্ষীয়ে ।
এই গোপন তথ্যৰ ভিত্তিতে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাকখন । ইফালে আৰক্ষীয়ে এই সুৰাসমূহ সৰবৰাহ কৰোঁতে ব্যৱহাৰ হোৱা এখন As01FH9539 নম্বৰৰ বিলাসী বাহন জব্দ কৰাৰ লগতে সুৰা সৰবৰাহৰ লগত জড়িত 4 জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ।
![Arunachali liquor seized in Biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-08-2023/as-biswanath-803-18-a-fourarrestedfortruckloadedwithillegalarunachaliliquorinbiswanath-photo-vis-scrpt-as10018_18082023152933_1808f_1692352773_684.jpg)
উল্লেখ্য যে, আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ পৰা 597 কাৰ্টন বিয়েৰ বটল, 425 কাৰ্টন বিভিন্ন ব্ৰেণ্ডৰ সুৰাসহ মুঠ 1022 কাৰ্টন সুৰা জব্দ কৰে । জব্দ কৰা সুৰাসমূহৰ অনুমানিক বজাৰৰ মূল্য প্ৰায় 1 কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।
লগতে পঢ়ক : Illegal liquor shops: মহানগৰীত ৰঘূমলাৰ দৰে বাঢ়িছে অবৈধ সুৰাৰ ঘাটি