ETV Bharat / state

7 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Feb 10, 2022, 7:02 PM IST

7 বজাৰ সংবাদ শীৰ্ষ

7 বজাৰ সংবাদ শীৰ্ষ
7 বজাৰ সংবাদ শীৰ্ষ

আনন্দ মিশ্রৰ বদলিৰ আঁৰত আছে নেকি প্ৰৱঞ্চক মৃদুপৱন ?

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিৰ পিছতে চৰ্চালৈ আহিছে প্ৰৱঞ্চক মৃদুপৱন নেওগৰ প্ৰসংগ (Fraudster Mridupaban Neog Case) ৷ হাত দীঘল ব্যক্তি হিচাপে পৰিচিত গুৱাহাটীৰ প্ৰৱঞ্চক মৃদুপৱন নেওগক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । এনে অৱস্থাত হঠাৎ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিয়েই অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ ৷

চৰকাৰৰ শপতনামা : ৬ ডি এন এল এ সদস্যৰে হোৱা এনকাউন্টাৰ আছিল ভুৱা

অসমত ধাৰাবাহিকভাবে চলি থকা এনকাউন্টাৰসমূহ প্ৰকৃতাৰ্থত ভুৱা নেকি (Fake encounters in assam) ? ৰাজ্যত বৰ্তমানলৈকে কিমানটা এনকাউন্টাৰ সংঘটিত হৈছে ? এই সন্দৰ্ভত ২১ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে এক শুনানিৰ (Public interest litigation) ৷

Majuli by-election : মাজুলী উপনির্বাচনৰ অধিসূচনা জাৰি

বৃহস্পতিবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে মাজুলী উপ-নিৰ্বাচনৰ বাবে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিলে (ECI issued notification for Majuli LAC by-election) ৷ উল্লেখ্য যে, 7 মাৰ্চত অনুষ্ঠিত হ‘ব মাজুলী উপনিৰ্বাচন ৷

Dispur to Delhi: ঠিকনা সলনি হ’ব পাৰে পাটোৱাৰীৰ

শীঘ্ৰে সলনি হ’ব পাৰে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঠিকনা (Chandra Mohan Patowary's address may be changed) ৷ ৰাজ্যসভাত খালি হ’বলগীয়া দুখন আসনৰ ভিতৰত হয়তো এখন আসনৰ দলীয় প্ৰাৰ্থী হ’ব পাৰে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকী । ৰাজ্যিক বিজেপিৰ এক ভিতৰুৱা সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

এখন তয়াময়া ৰণ: শিৱসাগৰৰ ৰাজপথত মহিলাৰ ৰুদ্ৰমূৰ্তি

প্ৰায় ৩০ বছৰীয়া বৈবাহিক জীৱন অতিক্ৰম কৰাৰ পাছত এজন পুৰুষৰ লম্পট আচৰণৰ বাবে আজি শিৱসাগৰৰ ৰাজপথত দেখা গ’ল এক আচহুৱা পৰিস্থিতি । নিজ পত্নীক এলাগী কৰি অষ্টদশী গাভৰুৰ প্ৰেমত মতলীয়া হোৱা লম্পট স্বামীক পত্নীয়ে ধৰা পেলালে হাতেলোটে ।

Assam municipal election 2022: তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত পৌৰসভা নিৰ্বাচন সম্পৰ্কীয় সভা

পৌৰ সভা নিৰ্বাচনকলৈ বিভিন্ন জিলাত আৰম্ভ হৈছে প্ৰস্তুতি । তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰাজনৈতিক দলৰ প্ৰতিনিধি, সংবাদকৰ্মীৰ সৈতে বিশেষ বৈঠক (Meeting on municipal elections at Tinsukia DC Office)। জিলাখনৰ তিনিচুকীয়া, মাকুম আৰু ডুমডুমা পৌৰসভা এলেকাত প্ৰশাসনে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

ৰাজ্যত পোনপ্ৰথম বাৰৰ বাবে ৰাজসূয় যজ্ঞৰ আয়োজন

অসমত এইবাৰ পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ৰাজসূয় যজ্ঞৰ (Rajsuya Yagya to be held in Assam)। হিন্দু শাস্ত্ৰৰ মতে অতীতৰ ৰজা-মহাৰজাই আয়োজন কৰিছিল এই ধৰণৰ যজ্ঞৰ । অসমৰ ক'ত আৰু কিয় এই যজ্ঞৰ আয়োজন কৰা হৈছে ?

বিমল বৰাৰ সমষ্টিত বিজেপিৰ চান্দা সংগ্ৰহ

যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে চান্দা সংস্কৃতিৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰিছে সেই সময়তে নিজ দলৰে একাংশ নেতা ব্যস্ত চান্দা সংগ্ৰহত । এইবাৰ মৰাণত চৰকাৰী আঁচনিৰ সুবিধা প্ৰদানৰ প্ৰলোভন দি দৰিদ্ৰ লোকৰ পৰা ধন সংগ্ৰহ কৰিলে একাংশ বিজেপি কৰ্মীয়ে (Bjp workers looted in Moran)। বিজেপি কৰ্মীৰ এনে কাৰ্যৰ পাছতে বিবুদ্ধিত পৰিছে পঞ্চায়তৰ সভাপতি ।

Murdered in Barpeta: হত্যাকাণ্ডৰ লগত জড়িত এজনক আটক

কিছুদিন পূৰ্বে বৰপেটাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ বৰপেটা পলিটেকনিকৰ পিছফালৰ পথাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল এজন ব্যক্তিৰ মৃতদেহ ৷

অৱশেষত স্বদেশ অভিমুখে বাংলাদেশৰ অৰ্ধশতাধিক জাহাজ

ব্ৰহ্মপুত্রৰ জলস্তৰ ভয়াৱহভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিল নিবলৈ আহি ধুবুৰী ঘাটত আৱদ্ধ হৈ পৰিছিল বাংলাদেশৰ ৫৭ খন মালবাহী জাহাজ (Bangladeshi ship stuck in Dhubri)। জাহাজৰ লগতে আৱদ্ধ হৈ পৰিছিল নাবিকসহ বাংলাদেশৰ দুই শতাধিক কৰ্মচাৰী । এই সন্দৰ্ভত ইটিভি ভাৰতত সবিস্তাৰে বাতৰি পৰিবেশন কৰা হৈছিল । অৱশেষত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত দুখনকৈ অত্যাধুনিক ড্রেজাৰেৰে খনন কার্য আৰম্ভ কৰাত শিল লৈ স্বদেশলৈ উভতিল বাংলাদেশৰ জাহাজসমূহ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.