ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - কৰ্ণাটকত ৰেড এলাৰ্ট

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 7, 2022, 3:00 PM IST

Flood devastated Assam: ২০ দিনত ভাগিল চাৰি হাজাৰ দলং-পথ

দ্বিতীয়টো বানত ঘৰ-দুৱাৰৰ লগতে ৰাজ্যৰ আন্তঃগাঁথনিও ব্যাপক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে (Flood destroy infrastructure in Assam)। বিশেষকৈ কেইবাখনো জিলাৰ পথ-দলং বানে ছিঙি অথবা উটুৱাই নিয়াৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে । ১ জুলাইত সর্বাধিক ৪৮৬টা পথ ক্ষতিগ্ৰস্ত হৈছে । এতিয়ালৈকে বান আৰু ভূমিস্খলনত ১৬৮ গৰাকীৰ মৃত্যু হৈছে ।

কেৰালাত বোমা বিস্ফোৰণত নিহত অসমৰ পিতা-পুত্ৰ

মৃত ব্যক্তি দুজনৰ এজনৰ নাম হৈছে ফজল হক (৪৫) । আনহাতে, তেওঁৰ পুত্ৰৰ নাম হৈছে চহিদুল হক (২২)। দুয়ো বৰপেটাৰ বাসিন্দা বুলি জানিব পৰা গৈছে । ছমাহ পূৰ্বে তেওঁলোক কেৰালালৈ গৈছিল ভঙা-ছিঙা সামগ্ৰীৰ ব্যৱসায়ৰ বাবে ।

এইবাৰ কাজিৰঙাত বিজেপিৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক !

যুৱ প্ৰজন্মৰ মাজতো হিমন্ত বিশ্ব শৰ্মা অতি জনপ্ৰিয় আৰু বিশ্বাসযোগ্য নেতা হিচাবে পৰিগণিত হৈ পৰিছে । সেয়ে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ সহযোগিতাতে এইবাৰৰ বিজেপিৰ ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন কাজিৰঙাত অনুষ্ঠিত হ'বলৈ ওলাইছে বুলি সূত্ৰত প্ৰকাশ । ইতিমধ্যে এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ সভাপতি তথা সাংসদ তেজস্বী সূৰ্যৰ সৈতে অনানুষ্ঠানিক কথা-বতৰা হোৱা বুলিও জানিব পৰা গৈছে (Himanta Biswa Sarma meeting with Tejasvi Surya) ।

৪ গৰাকী দুৰ্ভগীয়া শিশুৰ এক মৰ্মান্তিক কাহিনী

এক অকল্পনীয় কাহিনী । কিন্তু সেয়াই ৰূঢ় বাস্তৱ । পিতৃ-মাতৃহীন ৪টা শিশুৰ এক হৃদয় বিদাৰক কাহিনীয়ে এতিয়া তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে (A heartbreaking story of 4 parentsless children in Tezpur) । এজন দিব্যাঙ্গসহ এই শিশু চাৰিটাৰ আলৈআথানিৰ কাহিনী শুনিলে হয়তো আপোনাৰো চকু সেমেকি উঠিব ৷

ৰঙিয়াত খেতি কৰাত ব্যস্ত মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশ

ৰাজ্যত শেহতীয়াকৈ অহা বানত প্লাৱিত হৈছিল বিস্তীৰ্ণ কৃষিভূমি । সমুলঞ্চে শেষ হৈ গৈছিল শ শ বিঘা কৃষি ৷ এনে সময়তে জনতাক বিশেষকৈ যুৱ চামক পুনৰ কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিজেই কৃষি কৰ্মত নামি পৰিছে ৰঙিয়াৰ মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশ ।

যোৰহাটত চোৰাং সোণসহ দুজনক গ্ৰেপ্তাৰ

যোৰহাট আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই চোৰাং সোণসহ দুজনক গ্ৰেপ্তাৰ কৰে(Two Gold mafia arrested in Jorhat) ৷ যোৰহাট আৰক্ষীয়ে মৰিয়নী আৰক্ষী আৰু ৰেলৱে আৰক্ষীৰ সহযোগত চোৰাং সোণসহ লোক দুজনক গ্ৰেপ্তাৰ কৰে(Two held at Jorhat) । গ্ৰেপ্তাৰ কৰা লোক দুজন যোৰহাট আতিলা গাঁৱৰ প্ৰসেনজিত ঘোষ আৰু গড়মূৰৰ প্ৰতাপ দেৱনাথ বুলি জানিব পৰা হৈছে ।

অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি: চৰকাৰক ধন্যবাদ বিভিন্ন সংগঠনৰ

মঙলবাৰে অসমৰ পাঁচটাকৈ উপ-গোটক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰিছে চৰকাৰে (Five sub groups are recognized as Assamese indigenous Muslims)। লগে লগে আন কিছুমান জনগোষ্ঠীৰ লোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে । ইফালে চৰকাৰক একাংশ সংগঠনে আদৰণি জনাইছে ।

মানসিকভাৱে বিকাৰগ্রস্থ মহিলাৰ আত্মহত্যা

কলগাছিয়াৰ লাচাংগা গাঁৱত অঘটন ৷ এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাই ডিঙিত চিপ লৈ কৰিলে আত্মহত্যা (Mentally Disturbed Woman Committed Suicide ) ৷ ঘটনা অনুসৰি, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাচাংগা গাঁৱৰ আফাজ উদ্দিনৰ পত্নী মানসিক বিকাৰগ্ৰস্থ ৪৫ বছৰীয়া ৰহিমা খাতুনে পুৱাৰ ভাগত ঘৰৰ ভিতৰত ডিঙিত চীপ লৈ আত্মহত্যা কৰে (Suicide case at Kalgachia) ৷

কৰ্ণাটকত ৰেড এলাৰ্ট: শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

কৰ্ণাটকত ৰেড এলাৰ্ট ৷ বহু জিলাৰ বিদ্যালয়-মহাবিদ্যালয়ৰ বাবে বন্ধৰ সময় বৃদ্ধি (Red alert on Karnataka) ৷ প্ৰচণ্ড বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ ৷

শাৰী,পেণ্টচুট,বডিকন ড্ৰেছ,বিকিনি সকলো সাজতে নোৰাই আহত কৰে যুৱকৰ হৃদয়

কোনটো সাজত পাৰফেক্ট লুক নিদিয়ে নোৰা ফাতেহীয়ে ! পৰম্পৰাগত সাজৰ পৰা পাশ্চাত্য সকলো ধৰণৰ সাজতেই নিজকে সুন্দৰকৈ উপস্থাপন কৰে তাৰকাগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.