ETV Bharat / state

11 বজাৰ শীৰ্ষ 10টা বাতৰি

11 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 12, 2022, 11:00 AM IST

11 বজাৰ শীৰ্ষ 10টা বাতৰি
11 বজাৰ শীৰ্ষ 10টা বাতৰি

জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ

এইবাৰ চোৰাং চিকাৰীয়ে জীৱিত অৱস্থাতে কাটি নিলে গঁড়ৰ খৰ্গ (Poachers cut off rhino horns) ৷ এই ঘটনা সংঘটিত হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 15 নং মাগুৰমাৰীত ৷ তথ্য অনুসৰি, ডাঃ বিজয় গগৈৰ নেতৃত্বত এটা চিকিৎসকৰ দলে গঁড়টো টেংকুলাইছ কৰি ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে ।

ইষ্ট ডেইৰী কো-অপাৰেটিভ কনক্লেভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বুধবাৰে আয়োজন কৰা হয় নর্থ ইষ্ট ডেইৰী কো-অপাৰেটিভ কনক্লেভ (North East Dairy Cooperative Conclave) ৷ এই অনুষ্ঠানত পূৰবী ডেইৰীৰ এটা গৰু খাদ্য নির্মাণ কাৰখানা উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই সন্মিলনতে অসম চৰকাৰ, NDDB আৰু পূৱ অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (EAMUL) আৰু যোৰহাটৰ মাজত এক ত্ৰিপাক্ষিক চুক্তিও স্বাক্ষৰ হয় ৷

ৰাষ্ট্ৰদ্ৰোহ আইনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ: IJUৰ প্ৰতিক্ৰিয়া

দেশৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰদ্ৰোহৰ আইনৰ প্ৰয়োগ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Sedition Law to be paused until review)। এতিয়াৰে পৰা এই আইনৰ অধীনত কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰু যিসমূহ গোচৰ অব্যাহত আছে সেয়াও স্থগিত হ'ব । উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ ।

মহামৃত্যুঞ্জয় মন্দিৰত মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী: অৱসান ঘটিল মন্দিৰৰ বিতৰ্কৰ

নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ(Maha Mrityunjay Mandir)ক লৈ শেহতীয়াকৈ হোৱা বিতৰ্কৰ সন্দৰ্ভত বুধবাৰে পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ মাজত বৈঠক অনুষ্ঠিত হয় । মহামৃত্যুঞ্জয় মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী তথা পৰিচালনা সমিতিৰ অন্যতম সদস্য ৰিণিকি ভূঞা শৰ্মা(Assam CM's wife visit Maha Mrityunjay Temple), বিধায়ক জয়ন্তমল্ল বৰুৱা আৰু জিতু গোস্বামী উপস্থিতত স্থানীয় ৰাইজৰ লগত অনুষ্ঠিত হয় এই দীঘলীয়া বৈঠকখন ।

পঞ্চায়ত প্ৰতিনিধিৰ কাম তদাৰকী কৰাহে, ঠিকাদাৰী নহয় : মুখ্যমন্ত্ৰী

বিজেপিৰ জিলা পৰিষদৰ সদস্যসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। দুর্নীতি নকৰো, দুর্নীতি কৰিব নিদিও মহামন্ত্ৰৰে দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন হৈ থাকিব পাৰিলে পঞ্চায়ত প্ৰতিনিধিসকলে সন্মানো পাব আৰু আসনো পাব । এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

ডলু চাহ বাগিচাৰ ভূমিত গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বিৰোধিতা গ্ৰামীণ শ্ৰমিক সন্থাৰ

কাছাৰ জিলাৰ বৃহত্তম চাহ বাগিচা ডলু চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰাৰ (Construction of greenfield airport on dolu tea garden) বাবে গ্ৰহণ কৰা প্রস্তাৱৰ বিৰোধিতা কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই (Sadou Asom Gramin Sramik Santha)।

'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ

'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ ৷ এই মন্তব্য় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ । 'কা' দেশত বলবৎ হোৱাৰ আঢ়ৈ বছৰৰ পিছতো ইয়াৰ নিয়মাৱলী প্ৰস্তুত কৰা নহ'ল । অমিত শ্বাহে পশ্চিমবংগত ক'ভিড শেষ হ'লে 'কা' বলবৎ কৰিম বুলি কয় আৰু ইয়াৰ বিপৰীতে অসমত আইনখনক লৈ অসমত নীৰৱ ভূমিকা পালন কৰে ।

তেজপুৰত হাতীৰ দাঁতসহ এজনক গ্ৰেপ্তাৰ

তেজপুৰৰ বটামাৰিত জব্দ কৰা হৈছে হাতীৰ দাঁত (Tusk seized in Tezpur)। বন বিভাগৰ চকুত ধূলি দি এচাম চোৰাং চিকাৰীয়ে এতিয়াও অবৈধভাৱে সৰবৰাহ কৰি আছে বন্য জীৱ জন্তুৰ অংগৰ বেহা । বুধবাৰে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি হাতীৰ দাঁতসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ কৰা লোকজন চটাই চাপৰিৰ জামাল উদ্দিন বুলি জনা গৈছে । জব্দ কৰা হাতীৰ দাঁতটোৰ ওজন দুই কেজি ৭০০ গ্ৰাম ৷

হয় নাতি নহ’লে পাঁচ কোটি; পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে আদালতত বৃদ্ধ দম্পতী

ধৰ্মনগৰী হৰিদ্বাৰত সংঘটিত হৈছে এক আশ্চৰ্যজনক ঘটনা ৷ এক বৃদ্ধ দম্পতীয়ে নিজ পুত্ৰ-বোৱাৰীক দাবী কৰিলে নাতিৰ (Parents demand grandchildren) ৷ জিলা আদালতত এই সন্দৰ্ভত এক আবেদন দাখিল কৰিছে দম্পতীটোৱে (Parents move court against son)৷

Opium seized at Imphal: ইম্ফলত জব্দ বৃহৎ পৰিমাণৰ আফিম

মঙলবাৰে ইম্ফলত জব্দ 2 কিলোগ্ৰাম পৰিমাণৰ আফিম (Opium seized at Imphal) ৷ মণিপুৰৰ বিষ্ণুপুৰ জিলাত অভিযান চলাই বিশেষ কমাণ্ডো গোটৰ এটা দলে এই আফিমখিনি জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.