ETV Bharat / state

বিহালীত টি কে ইঞ্জিনীয়াৰিং কোম্পানী আৰু সাংবাদিকৰ সাহাৰ্য বিতৰণ

author img

By

Published : May 30, 2021, 3:37 PM IST

বিহালীত উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী পথ নিৰ্মাণ সংস্থা টি কে ইঞ্জিনীয়াৰিঙৰ তৰফৰ পৰা ক'ভিড পৰিয়ালক সাহাৰ্য প্ৰদান । ইটিভি ভাৰত অসমৰ সাংবাদিকেও বিতৰণ কৰিলে মাস্ক ৷

biswanath
বিহালীত টি কে ইঞ্জিনীয়াৰিং কোম্পানী আৰু সাংবাদিকৰ সাহাৰ্য বিতৰণ

বিশ্বনাথ, ৩০ মে': উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী পথ নিৰ্মান সংস্থা টি কে ইঞ্জিনিয়াৰিঙৰ উদ্যোগত বটিয়ামাৰী গাওঁ পঞ্চায়ত আৰু ইটিভি ভাৰত অসমৰ সাংবাদিক শ্ৰীমন্ত দাসৰ সহযোগত মাস্ক বিতৰণ কৰা হয় । শনিবাৰে বিহালী সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাওঁ পঞ্চায়তৰ অধীনৰ ক'ভিড আক্ৰান্ত কেবাটাও পৰিয়ালক খাদ্য, সামগ্ৰীৰ লগতে মাস্ক বিতৰণ কৰা হয় ।

টি কে ইঞ্জিনিয়াৰিঙৰ জন সম্পর্কৰক্ষী বিষয়া নিজম হালদাৰৰ নেতৃত্বত অহা এটা দলে বিহালী সমষ্টিৰ বটিয়ামাৰী গাওঁ পঞ্চায়তত উপস্থিত হৈ পঞ্চায়তটোৰ সভানেত্ৰী ফুলমণি দাসৰ লগতে সাংবাদিক শ্ৰীমন্ত দাসৰ সহযোগত পঞ্চায়তটোৰ অধীনৰ ক'ভিড আক্ৰান্ত পৰিয়ালসমূহক চাউল, দালি, তেল, আদিকে ধৰি ১৮ বিধ সামগ্ৰীৰ লগতে মাস্ক যোগান ধৰে ।

পঞ্চায়তটোৰ ২১ টাতকৈও অধিক দৰিদ্ৰ পৰিয়ালক এই সাহাৰ্য প্ৰদান কৰা হয় । ইফালে উক্ত পৰিয়ালসমূহৰ মাজত বিশ্বনাথৰ সাংবাদিক শ্ৰীমন্ত দাসে মাস্ক বিতৰণ কৰি ক'ভিড-১৯ ওপৰত এক সজাগতাৰ সৃষ্টি কৰে ।

এনেদৰে বটিয়ামাৰী গাওঁ পঞ্চায়তৰ ২১ টাতকৈও অধিক পৰিয়ালৰ মাজত কোম্পানীটোৱে দৰিদ্র সীমাৰেখাৰ তলৰ ক'ভিড ৰোগীৰ পৰিয়ালক এইদৰে নিত্য প্রয়োজনীয় সামগ্রী মাস্ক বিতৰণ কৰে । জানিব পৰা মতে, প্ৰতিষ্ঠানটোৱে যোৱা কেইবাদিন ধৰি বিহালী, গহপুৰ সমষ্টি আদি বিভিন্ন অঞ্চলৰ ক'ভিড ৰোগীৰ পৰিয়ালৰ ঘৰত উপস্থিত হৈ সাহায্য বিতৰণ কৰে ।

জটিল পৰিস্থিতিৰ সময়ত টি কে ইঞ্জিনীয়াৰি‌ঙ নামৰ সংস্থাটোৱে সাহায্য প্ৰদান কৰাত বটিয়ামাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফুলমণি দাসৰ লগতে স্থানীয় গাওঁৰক্ষী বাহিনীয়ে ধন্যবাদ প্ৰতিষ্ঠানটোক জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰশংসা ৰকিবুল হুছেইনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.