বিশ্বনাথ, 4 নৱেম্বৰ : বহিঃৰাজ্য মণিপুৰৰ পৰা জালনোট সৰবৰাহ কৰিবলৈ আহি বিশ্বনাথ আৰক্ষীৰ জালত পৰিল তিনি মনিপুৰী যুৱক । লগতে আটক হৈছে লখিমপুৰৰ এজন গাড়ী চালক। ধৃত যুৱক কেইজন হৈছে মণিপুৰৰ হবিজাম মংগলজাও সিং,খুলেম দিলেম সিং,সমেন্দ্ৰ জিৎ সিং আৰু গাড়ী চালক সুৰজ আলী ।
![Three fake note smuggler arrested by Biswanath Police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-4-nov-rs-photo-scrpt-as10018_04112020211159_0411f_1604504519_531.jpg)
আটকাধীন যুৱক কেইজনৰ পৰা 72 হাজাৰ নগদ ধন,6 টা মোবাইল ফোনৰ হেণ্ডচেট আৰু কেইবাখনো বিভিন্ন বেংকৰ এটিএম কাৰ্ড জব্দ কৰে আৰক্ষীয়ে ।
![Three fake note smuggler arrested by Biswanath Police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9433579_fakenote.jpg)
উল্লেখ্য যে,বুধবাৰে পুৱতি নিশা গোপন সুত্ৰৰ পম খেদি বিশ্বনাথ জিলা আৰক্ষীৰ এটা দলে বৰগাং আৰক্ষী চকীৰ সমীপত নাকা চেকিং কৰি থাকোতেই জালনোটৰ ব্যৱসায়ী দলটোক আটক কৰিবলৈ সক্ষম হয় । যুৱক কেইজনে ব্যৱহাৰ কৰা A-AS-07C-8259 নম্বৰৰ এখন মহিন্দ্ৰা স্কৰপিঅ’ বাহন জব্দ কৰিছে আৰক্ষীয়ে । বৰ্তমান জিলা আৰক্ষীয়ে যুৱক কেইজনক নিজ জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : জলসম্পদ বিভাগৰ হেমাহিত খোৱাঙৰ দিহিং মথাউৰিৰ বিধ্বস্ত অৱস্থা