ETV Bharat / state

ক'ত, কেনেকৈ আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?

author img

By

Published : Aug 12, 2020, 6:17 PM IST

Updated : Aug 12, 2020, 7:29 PM IST

আজি বিশ্ব হস্তী দিৱস ৷ হস্তী দিৱসৰ দিনটোত ক'ত আছে এছিয়াৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতীটো ? কেনে আছে অসমৰ অন্যতম গৌৰৱ স্বৰূপ হাতীটো ?

এছিয়াৰ সবাটোকৈ বয়স্ক হাতী
এছিয়াৰ সবাটোকৈ বয়স্ক হাতী

বিশ্বনাথ, 12 আগষ্ট: বিজুলী প্ৰসাদ ! শতবৰ্ষ গৰকাৰ দিশে আগবঢ়া বিজুলীয়ে বহন কৰিছে বৃটিছ উপনিবেশৰ সাক্ষ্য ৷ সম্প্ৰতি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলীক, 52 বছৰ পূৰ্বে 1968 চনত উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল ৷ বৃটিছ অলিভাৰ চাহাবেই নামকৰণ কৰিছিল বিজুলীক ৷ কোম্পানীয়ে বিজুলী প্ৰসাদক ক্ৰয় কৰিছিল পুৰণি চাহৰ গছ উভলা আদি কাৰ্যত নিয়োগ কৰিবলৈ ৷ এই সকলোবোৰৰ বাবে বিজুলীক প্ৰতিমাহে প্ৰদান কৰা হৈছিল দৰমহা ৷

বিজুলী প্ৰসাদ
বিজুলী প্ৰসাদ

মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক ৷ উইলিয়ামছন মেগৰ কোম্পানী গ্ৰুপৰ অধীনৰ বিহালী চাহ বাগিচাৰ পৰিচালক কুলজিৎ বৰা তত্ত্বাৱধানত পৰিচালিত হৈ আছে বিজুলী ৷ বিজুলীৰ পৰিচৰ্যাৰ বাবদ প্ৰতিমাহে খৰচ হয় ৪০ পৰা ৪৫ হাজাৰ টকা ৷ বিজুলীৰ বাবে আছে নিৰ্দিষ্ট খাদ্যাভাসৰ তালিকা ৷ বিজুলীৰ খাদ্যাভাসত প্ৰতি দিনেই থাকে 25 কিলোগ্ৰাম চাউল. সম পৰিমাণৰে মাকৈ, বুটমাহ আৰু গুৰ ৷ লগতে প্ৰতি সপ্তাহে বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ওজনো জোখা হয় ৷ হাতীটোৰ বৰ্তমানৰ ওজন 4000 কিলোগ্ৰাম ৷

এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো

বিজুলীৰ পৰিচৰ্যাৰ বাবে এগৰাকী মাউত এগৰাকী সহায়কৰ লগতে আছে এগৰাকী চিকিৎসক আৰু এগৰাকী বিশেষজ্ঞ ৷ বিজুলীৰ স্বাস্থ্যৰ খতিয়ান বাগিছা কৰ্তৃপক্ষই সাপ্তাহিকভাৱে প্ৰেৰণ কৰিবলগীয়া হয় কলিকতাৰ মুখ্য কাৰ্যালয়লৈ ৷ বিজুলীৰ লগত আছে সকলোৰে এক আন্তৰিকতা ৷ মাউতৰ লগতো বিজুলীৰ সম্পৰ্ক বাৰুকৈয়ে ভাল ৷ বাগিছা কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, তেওঁলোকে আজিলৈ প্ৰত্যক্ষ কৰা নাই হাতীটোৰ কোনো আক্ৰমণাত্মক গতি-বিধি ৷

বৃটিছৰ মৰমৰ হাতীটো
বৃটিছৰ মৰমৰ হাতীটো

এছিয়া মহাদেশৰ ভিতৰতে বয়স্ক হাতীৰ খিতাপ পোৱা, উইলিয়ামছন মেগৰ কোম্পানীৰ মৰমৰ বিজুলী প্ৰসাদ অসমৰ অন্যতম গৌৰৱ ৷ আজি হস্তী দিৱসত বিজুলীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ কামনা কৰিলে সকলোৱে ৷

শতবৰ্ষ গৰকাৰ দিশে অগ্ৰসৰ বিজুলী
শতবৰ্ষ গৰকাৰ দিশে অগ্ৰসৰ বিজুলী

লগতে পঢ়ক: অনুষ্টুপীয়াকৈ পালন কৰা হ'ল পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ 122 সংখ্যক জন্ম দিৱস

Last Updated : Aug 12, 2020, 7:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.