ETV Bharat / state

Teej Festival 2023:বিশ্বনাথত তীজ উৎসৱ উদযাপন - বিশ্বনাথত তীজ উৎসৱ উদযাপন

গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পালন কৰা এক অন্যতম উৎসৱ হৈছে তীজ উৎসৱ । এই উৎসৱক "ৰিতালিকা তীজ" বুলিও কোৱা হয় । গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পাৰগতভাৱে পালন কৰি আহিছে এই তীজ উৎসৱ ৷

Retalika TeeJ celebrated in Assam
বিশ্বনাথ চাৰিআলিত তীজ উৎসৱ
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:19 PM IST

বিশ্বনাথ চাৰিআলিত তীজ উৎসৱ

বিশ্বনাথ, ১৯ ছেপ্টেম্বৰ: ৰাজ্যৰ আন আন প্ৰাপ্তৰ লগতে সোমবাৰে বিশ্বনাথ চাৰিআলি নেপালী সমন্বয় সমিতি আৰু বিশ্বনাথ নগৰৰ তীজ উদযাপন সমিতি সহযোগত দিনজোৰা কাৰ্যসূচীয়ে তীজ উৎসৱ পালন কৰা হয় । বিশ্বনাথ চাৰিআলিৰ বিভিন্ন অঞ্চলৰ মহিলাসকলে গোৰ্খা সমাজৰ মহিলা কেন্দ্ৰিক ধৰ্মীয় সাংস্কৃতিক উৎসৱ তীজ উলহ মালহৰে পালন কৰে । এই তীজ উপলক্ষে সোমবাৰে কোচ গাঁৱৰ ৰাজলক্ষ্মী ভৱনত দিনজোৰা কাৰ্যসূচীৰে হৰিতালিকা ব্ৰত পালন কৰা মহিলাসকলে পূজা-অৰ্চনা কৰে । তেওঁলোকে পূজা-অৰ্চনা সম্পূৰ্ণ কৰি লোকগীত, লোকনৃত্য প্ৰদৰ্শন কৰে ।

পৰম্পৰাগতভাৱে চলি অহা তীজ উৎসৱৰ লগত সংগতি ৰাখি গোৰ্খা সমাজৰ মহিলাসকলে ভাদ্ৰ শুক্লা তৃতীয়া তিথিত সূৰ্যোদয়ৰ আগৰ পৰাই এটুপি পানী নোখোৱাকৈ দিনৰ মধ্যাহ্ন ভাগত শিৱৰ পূজা-অৰ্চনা কৰে । অৰ্ধ শতাধিক মহিলাই ব্ৰত ৰাখি পূজা-অৰ্চনাত অংশগ্ৰহণ কৰে । সমন্বয় সমিতিৰ সভাপতি লোকনাথ শাস্ত্ৰীক এই পূজা ভাগ সম্পন্ন কৰোৱাত সাধাৰণ সম্পাদক দূৰ্গা উপাধ্যায়ে সহযোগ কৰে । এই ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠানত ড৹ চিন্তামণী শৰ্মা, ড৹ ভক্ত প্ৰসাদ গৌতম,সমন্বয় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি নবীন উপাধ্যায়, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক বেদদীপ উপাধ্যায়,সম্পাদক চন্দ্ৰ উপাধ্যায়, চিত্ৰ পৌৰেল,প্ৰেম বিশ্বকৰ্মা,ৰুদ্ৰ ছেত্ৰী,সদানন্দ শৰ্মা,টীকাৰাম শৰ্মা,ডালিম উপাধ্যায়,প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:Assam CM wife Subsidy Controversy : মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজসাহাৰ্যক লৈ সত্য নিৰূপণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ গৌৰৱ গগৈৰ পত্ৰ

পূজাৰ অন্তত বিশিষ্ট কণ্ঠ শিল্পী সুৰেশ লুইটেলৰ নেতৃত্বত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত সমিতিৰ সদস্য সদস্যা সকলে লোকগীত, লোকনৃত্য পৰিৱেশন কৰে । এই অনুষ্ঠান সমাপ্তৰ পিছতে তীজ পালন কৰা মহিলা সকলে নিশা আহাৰ গ্ৰহণ কৰে । আনহাতে,তীজ উৎসৱত তীজ উদযাপন সমিতিৰ সভানেত্ৰী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিনু দেৱী আৰু সম্পাদিকা বিনীতা দেৱী গজুৰেলকে ধৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Erosion in Kalgachia: কলগাছিয়াৰ বলাইপথাৰত আৰম্ভ হ’ল খহনীয়া প্ৰতিৰোধৰ কাম; ৰাইজৰ মুখত সুখৰ হাঁহি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.