বিশ্বনাথ ১৫ নৱেম্বৰ : মহাত্মা গান্ধীৰ সপোন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আদৰ্শত অনুপ্ৰাণিত হৈ দেওবাৰে বিশ্বনাথৰ বৰগাঙৰ বিভিন্ন স্থানত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত বিহালী মণ্ডলৰ সহযোগত এক চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
![swachh bharat mission in biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-15-nov-bjpyubamorsha-photo-scrpt-as10018_15112020140934_1511f_1605429574_515.jpg)
বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মণৰ নেতৃত্বত বিশ্বনাথ জিলা আৰু বিহালী মণ্ডলৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্যসকলে বিহালী বৰগাং কেন্দ্ৰৰ দৈনিক বজাৰৰ বিভিন্ন স্থানত এই চাফাই অভিযান চলায় ।
![swachh bharat mission in biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-15-nov-bjpyubamorsha-photo-scrpt-as10018_15112020140934_1511f_1605429574_107.jpg)
উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথ জিলা যুৱ মৰ্চাৰ সম্পাদক দ্বীপজ্যোতি দত্ত, বিহালী মণ্ডলৰ সভাপতি পংকজ বৰা, সম্পাদক প্ৰবীন নেপালৰ লগতে বিহালী যুৱ মৰ্চাৰ বহুকেইজন সদস্য ।
লগতে পঢ়ক : প্ৰসংগ লাফিকুল ইছলাম হত্যাকাণ্ড : ন্যায়ৰ আশাত 3 বছৰ অতিক্ৰম