ETV Bharat / state

আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এডৰা বেলিফুলৰ খেতি

বিশ্বনাথৰ জৰাবাৰী গাঁৱৰ নৱজ্যোতি বৰা নামৰ এজন আদৰ্শ খেতিয়কে ঘোঁৰামাৰী অঞ্চলত চাৰিবিঘা মাটিত কৰা বেলিফুলৰ খেতিয়ে এতিয়া সকলোৰে মন মোহিছে ৷ বেলি ফুলৰ সুবাস ল'বলৈ এতিয়া ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে ৷

author img

By

Published : Jun 8, 2021, 6:11 PM IST

Updated : Jun 8, 2021, 7:44 PM IST

sunflower-farm-in-biswanath
আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এডৰা বেলিফুলৰ খেতি

বিশ্বনাথ, 8 জুন : বিশ্বনাথৰ এজন কৃষকৰ এডৰা সূৰ্যমুখী ফুলৰ খেতিয়ে এতিয়া মন মোহিছে বিশ্বনাথবাসীৰ লগতে বহু লোকৰ ৷ চালে চকুৰোৱা চৌপাশে কেৱল হালধীয়া আৰু হালধীয়া ৷ হালধীয়া হৈ ফুলি থকা বেলি ফুলবোৰ চাবলৈ দৈনিক ভিৰ কৰেহি অজস্ৰ লোকে ৷ এতিয়া এই বেলিফুল ডৰা পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈ পৰিছে ৷

বিশ্বনাথৰ জৰাবাৰী গাঁৱৰ আদৰ্শ খেতিয়ক নৱজ্যোতি বৰাই ঘোঁৰামাৰী অঞ্চলত চাৰিবিঘা মাটিত বিগত দুবছৰ ধৰি এই বেলিফুলৰ খেতি কৰি আহিছে ৷ এতিয়া লাহে ফুলিবলৈ আৰম্ভ কৰিছে সূৰ্যমুখী ফুলৰ ৷ ইয়াৰ লগে লগে ফুলবোৰে সৃষ্টি কৰা হালধীয়া পৰিৱেশে সকলোৰে মনত অনন্য অনুভৱৰ খোৰাক দিছে ৷

এই বেলিফুলৰ খেতি চাবলৈ আহি বহুলোকে ফটো তোলাৰ লগতে ভিডিঅ' প্ৰস্তুত কৰাও দেখা গৈছে ৷ উল্লেখ্য যে, নৱজ্যোতি বৰাই বেলিফুলৰ উপৰিও ২৫ বিঘা মাটিত কল, জিকা, লেচেৰা, চয়াবিন, মাটিমাহ, গোমধান আদি খেতি কৰি জীৱিকাৰ সন্ধান লৈছে ৷

লগতে পঢ়ক : কুখ্যাত অপৰাধীৰ ৰাজাক গ্ৰেপ্তাৰৰ পাচতে পোহৰৈ আহিছে ন ন তথ্য !

Last Updated : Jun 8, 2021, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.