ETV Bharat / state

Murder case at Behali: পুত্ৰৰ আক্ৰমণত মাহীমাকৰ মৃত্যু, গুৰুতৰভাৱে আহত পিতৃ

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 6:30 PM IST

মাহীমাক আৰু পিতৃক ডেগাৰেৰে আক্ৰমণ দুই পুত্ৰসহ এজন যুৱকৰ ৷ এই ঘটনাত মাহীমাকগৰাকীৰ মৃত্যু হোৱাৰ লগতে পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

step mother killed by son, father injured
পুত্ৰৰ আক্ৰমণত মাহীমাকৰ মৃত্যু, গুৰুতৰভাৱে আহত পিতৃ

বিশ্বনাথ, ২৫ আগষ্ট : বিশ্বনাথৰ বিহালীত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ৷ ঘৰুৱা বিবাদৰ বাবে মাহীমাক আৰু পিতৃক ডেগাৰেৰে আক্ৰমণ দুই পুত্ৰসহ এজন যুৱকৰ ৷ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত নকোনীয়া ডেকাৰগাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা । এই ঘটনাত মাহীমাকগৰাকীৰ মৃত্যু হোৱাৰ লগতে পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় ১০ মান বজাত প্ৰথমা পত্নীৰ লগত নিৰঞ্জন দাস নামৰ লোকজনৰ বিবাদ সংঘটিত হয় ৷ তাৰ পিচতে স্থানীয় আৰক্ষীয়ে আহি ঘটনাৰ মীমাংসা কৰি গুচি যায় ৷ নিৰঞ্জন দাস নামৰ লোকজনে দ্বিতীয় পত্নীৰ লগত ঘৰৰ পৰা অলপ দূৰৈত বাস কৰে ৷ এই কাজিয়াৰ মীমাংসাৰ পিচত তেওঁ নিজ ঘৰলৈ গুচি যায় ৷

নিশা নিৰঞ্জন দাসে নিজ ঘৰৰ দুৱাৰ মাৰিবলৈ লওঁতেই তেওঁৰ প্ৰথমা পত্নীৰ দুই পুত্ৰসহ এজন যুৱকে তেওঁৰ লোৰ ৰ’ডেৰে আক্ৰমণ কৰে ৷ এই ঘটনা দেখি তেওঁৰ পত্নীয়ে বচাবলৈ আহোঁতেই তেওঁকো ডেগাৰেৰে আক্ৰমণ কৰে ৷ এই হতাহতিৰ ঘটনাত নিৰ্জন দাসৰ দ্বিতীয় পত্নী মুন্না তামাং দাসে থিতাতে মৃত্যুবৰণ কৰে ৷ পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত হোৱা পিতৃ নিৰঞ্জন দাসক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

এই ঘটনাৰ পিচতে বিহালী আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ নিৰঞ্জন দাসৰ প্ৰথমা পত্নী আৰু তেওঁৰ ১৮ বছৰীয়া আৰু ১৬ বছৰীয়া দুই পুত্ৰক আটক কৰে । আজি পুৱা প্ৰায় ১১ বজাত দ্বিতীয় পত্নী মুন্না তামাং দাসৰ মৃতদেহ উদ্ধাৰ কৰি দণ্ডাধীশৰ উপস্থিতিত বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। স্থানীয় লোকৰ পৰা জানিব পৰা মতে, এই ঘটনাৰ সৈতে এগৰাকী আদিবাসী যুৱকো জড়িত আছে ৷ এই যুৱকজন নিৰঞ্জন দাসৰ প্ৰথমা পত্নীৰ ঘৰত প্ৰায় এসপ্তাহ ধৰি আছিল ৷ ঘটনা সংঘটিত কৰিয়েই তৃতীয় যুৱকজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Dead body recovered: বেলতলাত যুৱকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.