বিশ্বনাথ, 19 জুলাই : বিগত কেইবা মাহে কেঁচাপাতৰ বজাৰখনত উৎসাহজনক পৰিৱেশ নোহোৱাৰ বাবে নিৰাশ হৈ পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক (Small Tea Grower) সকল ৷ আনহাতে, বাগিচা এখন প্ৰতিপালন কৰিবলৈ বিভিন্ন ৰাসায়নিক দ্ৰব্য, সাৰ আদিৰ প্ৰয়োজন হয় ৷ বর্তমান, বজাৰত সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে এনেবিলাক দ্ৰব্যৰো মূল্য বৃদ্ধি পাইছে ৷ কিন্তু, ইয়াৰ তুলনাত কেঁচা চাহপাতৰ মূল্য বৃদ্ধি পোৱা নাই ৷ এনে পৰিস্থিতিত খেতিয়ক সকলে এই খৰচ বহন কৰাটো অসম্ভৱ হৈ পৰিছে ৷
কেঁচাপাতৰ প্ৰক্ৰিয়াটো সম্পূর্ণৰূপে কৃষিভিত্তিক আৰু বতৰৰ ওপৰত নির্ভৰশীল ৷ সেই বাবেই উৎপাদনৰ পৰিমাণত কম বেছ হ’ব পাৰে ৷ তেনে ক্ষেত্ৰত যদি উৎপাদনকাৰীয়ে উৎপাদনৰ সঠিক মূল্য আদায় কৰিব নোৱাৰে, সেয়া তেওঁলোকৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে ৷ অসমৰ অর্থনীতিৰ ক্ষেত্ৰখনত বৃহৎ পৰিমানে অৰিহণা যোগোৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত কলঘৰৰ স্বত্বাধিকাৰী সকলে শোষণ আৰম্ভ কৰা বুলিও বিভিন্ন সময়ত দল সংগঠন সমূহে অভিযোগ উত্থাপন কৰি আহিছে ৷
এই পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথত কেঁচা চাহপাত পেলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷ চুবুৰীয়া জিলাৰ তুলনাতে আধা মূল্যত কেঁচা চাহপাত বিক্ৰী কৰিব লগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিল জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল ৷
দীৰ্ঘদিন ধৰি বিশ্বনাথ জিলাৰ বিহালী, হেলেমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উৎপাদিত কেচাঁ চাহপাতৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷ উপায়ন্তৰ হৈ ৰাজপথত নিজৰ উৎপাদিত কেঁচা চাহপাত পেলাই ১ ঘন্টা ধৰি পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কলঘৰৰ স্বত্বাধিকাৰী সকলে তেওঁলোকক কেঁচাপাতৰ মূল্য নিদিয়াৰ অভিযোগ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰী সকলে ৷ উপায়বিহান হৈ পৰা প্ৰতিবাদকাৰী সকলে এই ক্ষেত্ৰত সোনকালেই চৰকাৰৰ হস্তক্ষেপৰ আহ্বান জনায় ৷
লগতে পঢ়ক : অতি শীঘ্ৰেই নামৰূপত স্থাপন হ'ব নেন' ইউৰীয়া প্ৰকল্পৰ আধাৰশিলা