বিশ্বনাথ, 13 মাৰ্চঃ উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান কলাবাৰী মহাবিদ্যালয় । ১৯৯২ চনত স্থাপিত মহাবিদ্যালয় খনে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাত মহাবিদ্যালয় খনে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে ৰূপালী জয়ন্তী কাৰ্যসূচী ৷ ১১ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ শুকুৰবাৰে অন্তিমটো দিন । ইতিমধ্যে মহাবিদ্যালয় খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে দুটা দিন পাৰ কৰে ৷
মহাবিদ্যালয় খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ মূল কাৰ্যসূচী অৰ্থাৎ অন্তিমটো দিনত উপস্থিত হয় মুখ্যমন্ত্ৰী মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ইফালে দ্বিতীয় দিনৰ সাংস্কৃতিক শোভাযাত্ৰাত পূব ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা শ্বহীদ বেদি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই । ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষানুষ্ঠান গঢ় দিলে এখন সমাজ শৃংখলাবন্ধ হয় বুলি মন্তব্য কৰে । ছাত্ৰ-ছাত্ৰী সকলে ২৪ ঘন্টাৰ ভিতৰত অতি কমেও ১০ ঘন্টা পঢ়া শুনাত মনোযোগ দিবলৈ আহ্বান জনোৱা লগতে ছাত্ৰ ছাত্ৰী সকলে পঢ়া শুনা মাজতে নিজৰ স্বাস্থ্যৰ বাবে অতি কমেও এক ঘন্টা সময় উলিয়াৱলৈ পৰামৰ্শ দিয়ে । বিধান সভাত বিৰোধী আৰু শাসকীয় দলৰ মাজত বাক বিতৰ্ক হোৱা প্ৰসংগত কয় যে, জনসাধাৰণে টিভি চাই ভাৱে আমাৰ জনপ্ৰতিনিধি সকলক ৰাইজৰ অভাৱ অভিযোগ উত্থাপন কৰিবলৈ পঠোৱা হয় কিন্তু তেওঁলোকে অধিক কাল হাই কাজিয়া কৰিয়েই সময় কটায় ৷ যাৰ বাবে আজিকালি আমি বিধান সভাত সমাজৰ শিক্ষক আৰু ছাত্র ছাত্রীক সকলক বিধান সভাত বহিবলৈ সুবিধা কৰি দিছো ৷ যাতে বিষয়টো সেই ছাত্র ছাত্ৰী আৰু শিক্ষক সকলেও অৱগত হওক ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ স্বাধীনতা সংগ্রামৰ লগত জড়িত থকা গহপুৰ ইতিহাস কথাও প্ৰকাশ কৰে । লগতে বৰ্তমান সমগ্ৰ বিশ্বকে শংকিত কৰি তোলা কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19 ৰ বিৰুদ্ধে কিদৰে সজাগতা অৱলম্বন কৰিব লাগে সেই কথাও ৰাইজক অৱগত কৰে ।
ইফালে মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰ, আৰু তেজপুৰ সাংসদ পল্লৱ লোচন দাসে ।
আৰু পঢ়কঃ ত্ৰিপুৰাত ধৰ্মান্তকৰণঃ ইছলাম ধৰ্ম পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত পাঁচ গৰাকী